মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

গ্ৰাম্য পথসমূহ

চমূ বিৱৰণ:

ভাৰতৰ গ্ৰাম্য উন্নয়ন পৰিকল্পনা (১৯৮১-২০০০)ত গ্ৰহণ কৰা পথব্যৱস্থাসম্পৰ্কীয় সংজ্ঞা আৰু শ্ৰেণীবিভাজন অনুসৰি, গ্ৰাম্য পথসমূহ হ'ল তৃতীয় পৰ্য্যায়ৰ প্ৰশাখামূলক পথব্যৱস্থা, যি সচৰাচৰ অন্যান্য জিলা পথ আৰু গ্ৰাম্য পথৰ (MOST, ১৯৮৪) সংমিশ্ৰণ। এই পথসমূহে, মুঠ পথব্যৱস্থালৈ সংযোগী পথ হিচাপে কাম আৰু গাওঁসমূহক নিকটৱৰ্তী বজাৰ কেন্দ্ৰ বা অন্য কোনো গাঁৱৰ সতে সংযোজিত কৰে। সততে, এই পথসমূহত যাতায়তকাৰীৰ সংখ্যা যথেষ্ট কম আৰু মূলতঃ ধীৰগতিৰ বাহন যেনে চাইকেল, জন্তুৱে টনা গাড়ী আৰু কাষৰীয়া খেতিপথাৰত কাম কৰা খেতিয়ক বাব তেনে পথচাৰীয়েই এনে পথত দেখা যায়। ইয়াৰ ওপৰিও, অন্যান্য সৰু, নিম্ন পৰ্য্যায়ৰ পথ যেনে সৰু আলি আৰু লুংলুঙীয়া বাটো গাঁও অঞ্চলত দেখা যায়, যিয়ে এনে ভিতৰুৱা অঞ্চলবোৰত যথেষ্ট গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা হিচাপে কাম কৰে আৰু উপৰোক্ত পথৰ সংজ্ঞা বা শ্ৰেণীবিভাজনৰ আওঁতাত নপৰে। এইবোৰ হ'ল পথৰুৱা আলি আৰু আন্তঃগাওঁ পথ। এই পথৰুৱা আলিবাটবোৰ খেতিপথাৰৰ মাজে মাজে থাকে আৰু গাঁৱৰ সতে কৃষি পথাৰসমূহক সংলগ্ন কৰা কেঁচা আলি। অন্যহাতে, আন্তঃগাওঁ পথসমূহে গাঁৱৰ ভিতৰৰ সৰু সৰু চুবুৰীবোৰক, যাক বেলেগ বেলেগ ঠাইত বেলেগ নামেৰে জনা যায়, সেইবোৰক সংযোগ কৰে।

ভাৰতত, এই সকলো ধৰনৰ পথেই গ্ৰাম্য পথব্যৱস্থাক গঢ় দিয়ে আৰু সকলো ধৰণৰ ব্যৱহাৰিক কাৰ্য্য সম্পন্ন কৰাত সহায় কৰে। ইয়াৰ বিপৰীতে, যোগাযোগ ব্যৱস্থাৰ পৰিকল্পনাৰ দিশৰ পৰা, গ্ৰাম্য পথ মানে হ'ল সকলো বতৰত ব্যৱহাৰোপযোগী এনে একোটা পথ, যিয়ে একোখন গাঁৱক কাষৰীয়া কোনো গাঁও, বজাৰ কেন্দ্ৰ বা অন্যান্য কোনো প্ৰাথমিক আৰু উপপথৰ সতে সংলগ্ন কৰে। ১৯৮১-২০০০ চনৰ পথ উন্নয়ন আঁচনি অনুসৰি, এই পথসমূহে অন্যান্য জিলা পথ আৰু গাঁৱলীয়া পথ ব্যৱস্থাক গঠন কৰে।

Downloads
TitleSizeDetail
Rural Roads in Barpeta District549.19 KBswf-image
Rural Roads in Jorhat District551.49 KBswf-image
Rural Roads in Sonitpur District496.66 KBswf-image