মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব

  • অসম চৰকাৰৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ নতুন পদক্ষেপৰ অধীনত, সৰ্বমুঠ ৬ টা পথ প্ৰকল্প ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত ৰূপায়ন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে:

    ক্ৰমিক নংপথৰ নামআনুমানিক দৈৰ্ঘ্য (কি:মি:)সম্ভাৱ্য ব্যয় (কোটি টকা)
    ঢকুৱাখনা-জেংৰাইমুখ-গড়মূৰ পথ৪৮.০০১৬৮.০০
    কলিতাকুছি-নলবাৰী পথ৪২.০০১৪৭.০০
    লংকা (ইষ্ট-ৱেষ্ট কৰিডৰৰ পৰা আৰম্ভ কৰি) গৰমপানী পথ৭২.০০২৫২.০০
    উত্তৰ লখিমপুৰ-কমলাবাৰী (মাজুলী) পথ৩৯.৭২৩০০.০০
    ৰহা-কামপুৰ-বৈঠালাংচু-হামৰেণ পথ৭১.০০২১৩.০০
    সামথাইবাৰী-গেলেফু পথ৩৯.৯৪১৪০.০০
     মুঠ৩১২.৬৬১২২০.০০

    এই প্ৰকল্পসমূহৰ ৰূপায়নৰ ক্ষেত্ৰত বিভাগক সহযোগিতা আগবঢ়াবৰ বাবে মেচাৰ্চ আই আই ডি চি লিমিটেডক লেনা-দেনা সম্পৰ্কীয় পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হৈছে। এই কনচালটেন্সীৰ বাবদ হোৱা মুঠ ব্যয়ৰ ৭৫% ভাৰত চৰকাৰৰ আই আই পি ডি এফ আঁচনিৰ অধীনত বহন কৰা হ'ব আৰু এই উদ্দেশ্যৰে এক ত্ৰিপাক্ষিক চুক্তিও স্বাক্ষৰ কৰা হৈছে।