মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

বাটত কেব’ল বহুৱাৰ অনুমতি

  • অনুমতি বিচৰা সংস্থাই, নিৰ্দিষ্ট এলেকাৰ দায়িত্বত থকা সংশ্লিষ্ট কাৰ্য্যকৰী অভিযন্তাৰ ওচৰত সম্পূৰ্ণ প্ৰয়োজনীয় তথ্য পাতি তথা অনুমোদিত ফৰ্মেট অনুসাৰে ১০০ টকীয়া নন-জুডিছিয়েল দলিলত এক আণ্ডাৰটেকিং সহ আবেদন দাখিল কৰিব লাগিব।

    সংশ্লিষ্ট কাৰ্য্যকৰী অভিযন্তাই এনে আবেদন লাভৰ পাছত, নিৰ্দিষ্ট অঞ্চলত সোঁশৰীৰে ক্ষেত্ৰ পৰিদৰ্শন কৰি, অপ্তিকেল ফাইবাৰ কেব'ল, পানী যোগান পাইপ আদি বহুৱাব লগা পথৰ অংশত ৰাইট অৱ ৱেৰ প্ৰস্থ, ফৰ্মেচন প্ৰস্থ, কেৰিয়েজপথৰ প্ৰস্থ আদি সকলো তথ্যসম্বলিত এক পুংখানুপুংখ ৰেখাচিত্ৰ জমা দিব আৰু আবেদনখন, অনুমোদন/প্ৰয়োজনীয় ব্যৱস্থাগ্ৰহণৰ বাবে বিশেষ পৰামৰ্শসহ সংশ্লিষ্ট অধীক্ষক অভিযন্তালৈ প্ৰেৰণ কৰিব।

    কাৰ্য্যকৰী অভিযন্তাজনে, সংস্থাটোৱে জমা দিব লগীয়া আমানতৰ ধনৰ পৰিমাণ নিৰ্ণয় কৰি দিয়াৰ পাছত, উক্ত ৰাশি সংস্থাই এক ডিমাণ্ড ড্ৰাফট হিচাপে কাৰ্য্যকৰী অভিযন্তাৰ নামত জমা দিব লাগিব। এই ধন, সংশ্লিষ্ট কামৰ ক্ষেত্ৰত লগা পথ খন্দা, কেবল পতা আদি কামৰ পাছত প্ৰয়োজনীয় পথ মেৰামতিৰ বাবে দৰকাৰী জামিন ৰাশি হিচাপে কাম কৰিব আৰু কাম সন্তোষজনকভাৱে সম্পূৰ্ণ কৰাৰ পাছত, সেয়া মোকলাই দিয়া হ'ব।

    অধীক্ষক অভিযন্তাই, ২৫/১১/২০১৩ তাৰিখৰ RBPC.814/2010/Pt/62 নিৰ্দেশনামা অনুসাৰে, যথোপযুক্ত অনুমতি প্ৰদান কৰিব।