মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজি

  • পাতনি:

    ভাৰত চৰকাৰে, নাবাৰ্ডৰ অধীনত, ১৯৯৫-৯৫ চনত, ২০০০ কোটি টকাৰ আৰম্ভণিৰাশিসহ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজিৰ সূচনা কৰে। অসম চৰকাৰে, এই পূঁজিৰ অধীনত নাবাৰ্ডৰ পৰা বিত্তীয় সাহায্য গ্ৰহণ কৰি গ্ৰাম্যাঞ্চলসমূহত পথ আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই অনুসৰি, অসমত, ১৯৯৭-৯৮ চনৰ পৰা এই আৰআইডিএফ আঁচনিৰ অধীনত, গড়কাপ্তানি বিভাগৰ দ্বাৰা গ্ৰাম্য পথ আৰু দলং নিৰ্মাণ প্ৰকল্পৰ সূচনা হয়। এই আঁচনিৰ দ্বাৰা ৰাজ্যত, ২০১৬-১৭ চন পৰ্য্যন্ত অনুমোদিত আৰু ৰূপায়িত হোৱা মুঠ ১৮৯০ কি:মি: পথ আৰু ৫৬৫ খন দলঙৰ নিৰ্মাণৰ বাবদ হোৱা ব্যয়ৰ পৰিমাণ ২৩৫৭ কোটি টকা।

    উদ্দেশ্য:

    নাবাৰ্ডৰ দ্বাৰা বিত্তীয় সাহায্যপ্ৰাপ্ত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজিৰ মূখ্য উদ্দেশ্য হ'ল পৰ্য্যায়ক্ৰমে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহত পথ আৰু দলং নিৰ্মাণ কাৰ্য্যসূচীৰ জৰিয়তে এই অঞ্চলসমূহৰ সমতুল আৰু সমন্বিত অৰ্থনৈতিক বিকাশ সাধন কৰা।

    আঁচনিৰ লেখত লবলগীয়া বৈশিষ্ট্যসমূহ:

    • ৰাজ্যৰ গড়কাপ্তানি বিভাগে গ্ৰাম্যাঞ্চলৰ সংযোগ ব্যৱস্থাৰ উন্নয়নকল্পে, পথ আৰু দলং নিৰ্মাণ প্ৰকল্পৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন নাবাৰ্ডৰ অনুমোদনৰ বাবে প্ৰস্তুত কৰে। এনে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন ৰাজ্যৰ বিত্ত বিভাগৰ জৰিয়তে দাখিল কৰা হয়।
    • নাবাৰ্ডৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলী গ্ৰহণ কৰা সাপেক্ষে ৰাজ্য চৰকাৰক এক মবিলাইজেচন অগ্ৰিম ৰাশি মুকলি কৰি দিয়া হয়।
    • অসম চৰকাৰৰ বাবে ৰাজ্যৰ বিত্ত বিভাগ হ'ল এই প্ৰকল্পৰ নিৰ্ধাৰিত মুখ্য সংস্থা।
    • এই ঋণৰাশি, ধন মোকলাই নিয়াৰ সাত বছৰৰ ভিতৰত, (দুইবছৰৰ ৰেহাই সময়সীমা সহ), সমান বাৰ্ষিক কিস্তিত আদায় দিব লাগিব। লগতে, এই ঋণৰ বাবদ হোৱা সূত, ৰেহাইকালকে ধৰি প্ৰতি বছৰে প্ৰতি তিনিমাহৰ শেষত, অৰ্থাৎ ৩১ মাৰ্চ, ৩০ জুন, ৩০ ছেপ্তেম্বৰ আৰু ৩১ ডিচেম্বৰত জমা দিব লাগিব।
    • নাবাৰ্ডৰ তাত জমা কৰা ধনৰাশি তথা পূঁজিৰ অধীনত নাবাৰ্ডে দিয়া ঋণৰ বাবদ বেংকক দিব লগীয়া সূতৰ হাৰ, নিৰ্দিষ্ট সময়ত বেংকৰ প্ৰচলিত সূতৰ হাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব।
     

    আৰ আই ডি এফৰ অধীনত সদ্যহতে অনুমোদিত আৰু চলিত কামৰ কিছু তথ্য তলত দিয়া হ'ল:

    ক্ৰ নংট্ৰেন্সঅনুমোদিত ৰাশি
    (কোটি টকা)
    নাবাৰ্ডৰ পৰা মোকলাই দিয়া শেহতীয়া ৰাশি
    (কোটি টকা)
    মুঠ প্ৰকল্পৰ সংখ্যাসম্পূৰ্ণ হোৱা প্ৰকল্পৰ সংখ্যাসম্পূৰ্ণ হ'বলৈ থকা প্ৰকল্পৰ সংখ্যা
    পথদলংপথদলংপথদলং
    ১.RIDF - XVI১০৭.২৯৪.০১২১১
    ২.RIDF - XVII১৬২.৭১২১.২১০২৭৮২৪
    ৩.RIDF - XIX - বেচ্চ –I১৬২.১১২৫.০১৫৪৪১১৩১১৩
    ৪.RIDF - XIX - বেচ্চ -II৫৫.৭৪২.৪২৭২২
    ৫.RIDF - XX২৮১.৪১৬৯.৩১৭৬১৩২৪৪
    ৬.RIDF - XXI২৩১.৩৫৫.৮১৩৬৫০৮৬
    ৭.RIDF - XXII৩০৬.৮০.০১১২১১২
     মুঠ:১৩০৭.১৬০৭.৭৪৭৬১৭৪২২৫১২৭২৫১৪৭