মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

শিক্ষানৱিচ কাৰ্য্যসূচী

  • অসম পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে, কাৰিকৰী বিষয়ৰ শিক্ষাৰ্থীসকলক, সংশ্লিষ্ট প্ৰতিষ্ঠানৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ মূৰব্বী বা সহসমন্বয়কৰ অনুৰোধমৰ্মে প্ৰতি বছৰৰ গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ কালছোৱাত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সচৰাচৰ এনে প্ৰশিক্ষণ ১০ৰ পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়, য'ত শিক্ষাৰ্থীসকলে, বিভিন্ন নিৰ্মাণসামগ্ৰীৰ, যেনে- জৰীপ, মাটি, এগ্ৰিগেট, চিমেণ্ট আৰু বিটুমেন আদিৰ মানদণ্ড নিয়ন্ত্ৰণ সম্পৰ্কীয় ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰে। প্ৰশিক্ষাৰ্থীসকলৰ অনুৰোধ সাপেক্ষে নিৰ্মাণ চলি থকা ঠাইলৈ ক্ষেত্ৰ পৰিদৰ্শনৰ ব্যৱস্থাও কৰা হয়।

    কেনেকৈ আবেদন কৰিব:

    কোনো প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে, প্ৰশিক্ষণৰ বাবে নিজৰ প্ৰতিষ্ঠানৰ অসামৰিক অভিযান্ত্ৰিকী বিভাগৰ মূৰব্বী অথবা সহ-সমন্বয়কৰ যোগেদি, গড়কাপ্তানি(পথ) বিভাগৰ মুখ্য অভিযন্তা বা সঞ্চালক, অসম পথ গৱেষক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, গড়কাপ্তানি (পথ) বিভাগলৈ আবেদন জনাব লাগিব।