মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

অসম ৰাজ্যিক পথ প্ৰকল

  • অসম ৰাজ্যিক পথ প্ৰকল্প হ'ল ৰাজ্যৰ ৰাজ্যিক ঘাইপথসমূহ তথা জিলাৰ মুখ্য পথসমূহৰ উন্নীতকৰণৰ বাবে, অসম ৰাজ্যিক পথ পৰিষদৰ দ্বাৰা ৰাজ্যৰ গড়কাপ্তানি আৰু পথ বিভাগে ৰূপায়ন কৰা এক বাহ্যিক সহযোগিতাপ্ৰাপ্ত প্ৰকল্প। এই প্ৰকল্পৰ মুঠ ব্যয় ৪০০ মিলিয়ন আমেৰিকান ডলাৰ। এই সাহায্য ৰাশিৰ মুঠ ৩২০ মিলিয়ন আমেৰিকান ডলাৰ ভাৰত চৰকাৰ জৰিয়তে বিশ্ব বেংকৰ ঋণ আৰু বাকী ৮০ মিলিয়ন আমেৰিকান ডলাৰ ৰাশি ৰাজ্য চৰকাৰৰ অংশ। এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য হ'ল অসম চৰকাৰক, দেশৰ বাকী অংশৰ সতে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ সমন্বয়সাধন কাৰ্য্যত সহায়ক হোৱাকৈ ৰাজ্যত, সুদক্ষ, বহনক্ষম আৰু নিৰাপদ স্থলপথৰ বিকাশ সাধন কৰাত সাহায্য কৰা। ২০১২ চনৰ ৫ নৱেম্বৰ তাৰিখে এই প্ৰকল্পৰ ঋণ আৰু প্ৰকল্পবিষয়ক চুক্তিপত্ৰ স্বাক্ষৰিত কৰা হয় আৰু ২০১৩ চনৰ ২৫ জানুৱাৰীৰ পৰা ঋণটি কাৰ্য্যকৰী কৰা হয়। ২০১৮ চনৰ ৩১ মাৰ্চত প্ৰকল্পৰ সমাপ্তি ঘটিব।

    এই প্ৰকল্পৰ মুখ্য উপাদানসমূহ তলত উল্লেখ কৰা হ'ল:

    উপাদান ১: পথ উন্নয়ন: এই উপাদানৰ অধীনত ৰাজ্যিক ঘাইপথৰ প্ৰায় ৩০০ কিলোমিটাৰ অংশত পথ উন্নত কৰাৰ লগতে ৰাজ্যিক ঘাইপথ আৰু জিলাৰ মুখ্য পথৰ মুঠ ৮০০ কিলোমিটাৰ অংশৰ ফুটপাথ মেৰামতি সম্পৰ্কীত নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰা হ'ব। লগতে, ইয়াৰ অধীনত দলঙৰ উদ্ভাৱনী আৰ্হিৰ পাইলট প্ৰকল্পও সন্নিবিষ্ট কৰা হৈছে।

    উপাদান ২: প্ৰাতিষ্ঠানিক সৱলীকৰণ: ইয়াৰ অধীনত, ৰাজ্যৰ পথসমূহৰ চোৱাচিতা আৰু মেৰামতিৰ প্ৰক্ৰিয়াক উন্নত কৰাৰ বাবে এক পথ সম্পদ ব্যৱস্থাপনা পদ্ধতিৰ সূচনা; অসম ৰাজ্যিক পথ পৰিষদৰ প্ৰাতিষ্ঠানিক সৱলীকৰণ; বিভাগৰ ব্যৱসায়িক কাৰ্য্যাৱলীৰ কম্পিউটাৰাইজেচন, অসম পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সৱলীকৰণৰ লগতে গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীসকলৰ সামগ্ৰিক দক্ষতাৰ বিকাশ সাধনৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে।

    উপাদান ৩: পথ সুৰক্ষা ব্যৱস্থাপনা: এক বহুমুখী পথ নিৰাপত্তা কৰ্মআঁচনিৰ ৰূপায়ন; পথ নিৰাপত্তাৰ অভিযান্ত্ৰিক উপায়সমূহৰ প্ৰদৰ্শনীমূলক প্ৰকল্প ৰূপায়ন, মুখ্য পথসমূহৰ পথ নিৰাপত্তাৰ পৰীক্ষণ; পথ দূৰ্ঘটনাৰ তথ্যকোষ স্থাপন আদিক এই উপাদানৰ অধীনত ধাৰ্য্য কৰা হৈছে।

    Downloads
    অসম ৰাজ্যিক পথ প্ৰকল
    TitleSizeDetail
    ASRP PAD1.33 MBswf-image
    ASRP Status Report Aug, 2017111.08 KBswf-image