মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

ৰাজ্যিক দূৰ্য্যোগ প্ৰশমন পূঁজি (SDRF)

  • ৰাজ্যিক দূৰ্য্যোগ প্ৰশমন পূঁজি (SDRF)ৰ অধীনত ৰাজ্যৰ গড়কাপ্তানি বিভাগে ৰাজ্যৰ বানবিধ্বস্ত পথ আৰু দলংসমূহৰ মেৰামতিৰ বাবে কিছু পূঁজি লাভ কৰে। এই পূঁজিৰ অধীনত, অসম ৰাজ্যিক দূৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে, নিম্নোক্ত ধৰণৰ মেৰামতিৰ কামত অনুমোদন জনায়:

    • ৰাস্তাৰ ভঙা-ছিঙা, গাঁত আদিৰ মেৰামতি, পানীৰ যোৱা বাটৰ বাবে পাইপ বা নলাৰ ব্যৱহাৰ, মথাউৰিৰ মেৰামতি আৰু শিলগুটি দিয়া কাম।
    • ভঙা কালভাৰ্টৰ মেৰামতি।
    • বানত বিধ্বস্ত হোৱা বা উটি যোৱা দলঙৰ অংশক, ব্যাহত হোৱা যোগাযোগ পুনৰস্থাপনৰ বাবে ডাইভাৰ্চনৰ ব্যৱস্থা কৰা।
    • যাতায়ত আৰু যোগাযোগৰ পুনঃসঞ্চালন আৰম্ভ কৰাৰ বাবে, ধ্বংস হোৱা পথৰ অংশত অস্থায়ীভাৱে দলং বা মথাউৰিলৈ যোৱা পথৰ মেৰামতি, নষ্ট হোৱা ৰেলিং দলঙৰ মেৰামতি, তাৎক্ষণিকভাৱে সংযোগব্যৱস্থা পুনৰ অব্যাহত কৰাৰ বাবে কাষৰীয়া পথৰ, গ্ৰেনুলাৰ চাববেচ আদিৰ মেৰামতি।