মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

আমি কি কৰো

  • গড়কাপ্তানি (পথ) বিভাগৰ মুখ্য কাম হ'ল ৰাজ্যত যোগাযোগ ব্যৱস্থাৰ বিকাশ তথা সুদক্ষ যাতায়ত ব্যৱস্থাৰ প্ৰৱৰ্তনৰ বাবে ৰাজ্যৰ পথ আন্তঃগাঁথনিৰ উন্নয়ন তথা ব্যৱস্থাপনা। এই বিভাগে ৰাজ্যৰ পথ, দলং, কালভাৰ্ট আদিৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ৰূপায়ন কৰে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা আৱণ্টিত পূঁজিৰ সহায়ত, ঠিকাদাৰসকলৰ দ্বাৰা বিভাগে কামসমূহৰ ৰূপায়ন কৰে। তদুপৰি,এই বিভাগে বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ বিত্তীয় সাহায্যত চলা বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহো ৰূপায়ন কৰে। বিভাগৰ দ্বাৰা ৰূপায়িত মূখ্য আঁচনিসমূহ হ'ল:

    • গ্ৰাম্যাঞ্চললৈ সংযোগ ব্যৱস্থা উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী গ্ৰাম পথ যোজনা
    • মূখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি
    • মুখ্যমন্ত্ৰী পকীপথ দলং নিৰ্মাণ আঁচনি
    • গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজি
    • অসম কৃষি প্ৰতিযোগিতাসক্ষমতা প্ৰকল্প
    • নন-লেপচেবল কেন্দ্ৰীয় পূঁজি
    • কেন্দ্ৰীয় পথ নিধি
    • অসম ৰাজ্যিক পথ প্ৰকল্প
    • বাৰ্ষিক আঁচনি
    • অসম পথ মেৰামতি নিধি
    • প্ৰদৰ্শন ভিত্তিক ঠিকা