মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

অবিলম্বিত কেন্দ্ৰীয় সম্পদ বা ননলেপচেবল কেন্দ্ৰীয় সম্পদ

  • অবিলম্বিত কেন্দ্ৰীয় সম্পদ প্ৰকল্প বা এনএলচিপিআৰ প্ৰকল্প

    NLCPR প্ৰকল্পৰ বিৱৰণ:

    প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণিৰে পৰা, কেন্দ্ৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচীৰ নিৰ্ধাৰণ তথা ৰূপায়ণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অঞ্চলটোৰ ৰাইজৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নকল্পে, বিভিন্ন প্ৰধান কাৰ্য্যসূচীকে ধৰি নানা কেন্দ্ৰীয় অৰ্থসাহায্য প্ৰাপ্ত আঁচনি ৰূপায়ন কৰি অহা হৈছে। কিন্তু, আন্তঃগাঁঠনিগত আসোঁৱাহৰ বাবে ৰাজ্যত প্ৰচুৰ পৰিমাণে উপলব্ধ প্ৰাকৃতিক সম্পদৰ আৰু মানৱসম্পদৰ উপযুক্ত মাত্ৰাত ব্যৱহাৰ সম্ভৱ হোৱা নাই আৰু অঞ্চলটোৰ বিকাশৰ বাবে এই দিশত গুৰুত্ব আৰোপ কৰাটো অতিশয় জৰুৰী। এই দিশলৈ লক্ষ্য ৰাখিয়েই, ভাৰত চৰকাৰে, ১৯৯৮ চনত এক অভিলাষী আঁচনিৰ সূচনা কৰে। নন-লেপচেবল কেন্দ্ৰীয় সম্পদ বা চমূকৈ এনএলচিপিআৰ নামেৰে জনাজাত এই আঁচনি সূচনা কৰাৰ উদ্দেশ্য আছিল উপযুক্ত আন্তঃগাঁঠনিৰ সৃষ্টি কৰাত দেখা দিয়া সম্পদৰ অভাৱৰ যি সমস্যা, সেয়া সমাধানকল্পে অতিৰিক্ত বিত্তৰ যোগান ধৰিব পৰাকৈ এক উপযুক্ত ব্যৱস্থাৰ সৃষ্টি কৰা। ভাৰত চৰকাৰৰ ৫২ টা ৰেহাই বিহীন মন্ত্ৰালয়/বিভাগে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বাজেটৰ বাবে বিত্তৰ যোগান বৃদ্ধি হোৱাকৈ আঁচনিভুক্ত বাজেটৰ পৰা বাধ্যতামূলকভাৱে যি ১০% ধনৰাশি আচুতীয়াকৈ ৰাখিব লাগে, সেই ধনৰ ব্যয় নোহোৱাকৈ ৰৈ যোৱা অংশৰ পৰা এই আঁচনিৰ নিধিৰ বাবে প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰা হয়। কেন্দ্ৰীয় চৰকাৰ স্বয়ংসম্পূৰ্ণ বিভাগৰ অধীনত, ২০০২ চনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা এই বিকাশ প্ৰক্ৰিয়া অধিক সমন্বিত কৰি তোলা হৈছে। এই কথা সকলোৰে অৱগত যে, উত্তৰ-পূৱৰ ৰাজ্যকেইখনে উন্নয়নমূলক কামৰ বাবে সদায়ে কেন্দ্ৰীয় পূঁজিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। এই অঞ্চলৰ সকলো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্য্যদা দিয়া হৈছে আৰু সেই অনুসৰি, ইয়াৰ সকলো উন্নয়নমূলক আঁচনিৰ বাবে ৯০% পূঁজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু বাকী ১০% ৰাজ্য চৰকাৰ অংশৰ পৰা যোগান ধৰা হয়।

    নন-লেপচেবল কেন্দ্ৰীয় সম্পদৰাশি শীৰ্ষক এই আঁচনিৰ সাধাৰণ উদ্দেশ্য হ'ল – অঞ্চলটোত আন্তঃগাঁঠনিগত উন্নয়নৰ নতুন প্ৰকল্প বা আঁচনিৰ বাবে বাজেটত আৱণ্টিত ধনৰ যোগান বৃদ্ধিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁঠনিৰ বিকাশ তৰান্বিত হোৱাটো নিশ্চিত কৰা। গাঁঠনিগত আৰু সামাজিক – উভয়ধৰণৰ আন্তঃগাঁঠনি যেনে, জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ, শক্তি, পথ আৰু দলং, শিক্ষা, স্বাস্থ্য, পানীযোগান আৰু অনাময় ব্যৱস্থাসম্পৰ্কীয় প্ৰকল্পকে এই কেন্দ্ৰীয় পুঁজিৰ অধীনত সাহায্য প্ৰদানৰ বাবে বিবেচনা কৰা হয় যদিও, গাঁঠনিগত খণ্ডত অধিক প্ৰাধান্য দিয়া হয়।

    এনএলচিপিআৰ আঁচনিৰ অধীনত প্ৰকল্প প্ৰস্তুতি

    প্ৰত্যেক ৰাজ্যই, নিজা নিজা ৰাজ্যৰ মূখ্য বিভাগৰ জৰিয়তে, পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে, এই আঁচনিৰ অধীনত চলিবলগীয়া প্ৰকল্পৰ এক বাৰ্ষিক তালিকা (যাক এতিয়াৰ পৰ অগ্ৰাধিকাৰ তালিকা বোলা হ'ব), ৩০ নৱেম্বৰ তাৰিখৰ ভিতৰত দাখিল কৰে। এই ক্ষেত্ৰত তালিকা জমা দিয়াৰ শেষ তাৰিখটো কঠোৰভাৱে বলৱৎ কৰা হয়।

    জমা দিবলগীয়া প্ৰকল্পৰ ধাৰণা সম্পৰ্কীয় নথিক, সাধাৰণ অনুমোদিত গঠন অনুসৰি প্ৰস্তুত কৰিব লাগিব। এই নথিত, সংশ্লিষ্ট খণ্ডত থকা সকলো সা-সুবিধাৰ এক বিস্তৃত বিৱৰণ থকাৰ লগতে, নিৰ্দিষ্ট প্ৰকল্পটিৰ সপক্ষে সঠিক যুক্তি দাখিল কৰিব লাগিব। তদুপৰি, এই নথিত প্ৰকল্পৰ ব্যয় আৰু সুফলসম্পৰ্কীয় বিশদ বিশ্লেষণ সন্নিৱিষ্ট কৰিব লাগিব। অন্যহাতে, অৰ্থনৈতিক খণ্ডৰ প্ৰকল্পৰ বাবে, প্ৰয়োজনীয় ব্যয়ৰ তুলনাত সম্ভাৱ্য অৰ্থনৈতিক সুফলৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব।

    উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় বা ড'নাৰ মন্ত্ৰালয়ত অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্পৰ বাবে জমা দিবলগীয়া ধাৰণা পত্ৰ প্ৰস্তুত কৰোঁতে নিম্নোক্ত বিষয় কেইটা মনত ৰখা দৰকাৰ:

    • ধাৰণা পত্ৰত প্ৰকল্পৰ জৰিয়তে স্থানীয়/ৰাজ্যিক পৰ্য্যায়ত সমাধান হ'বলগীয়া সমস্যাক বিশদভাৱে বৰ্ণনা কৰিব লাগিব। সংশ্লিষ্ট বৰ্ণনা তথা সমস্যাৰ তীব্ৰতাক প্ৰদৰ্শন কৰিব পৰা প্ৰমাণো এই পত্ৰত উল্লেখ কৰিব লাগে। লগতে, সংশ্লিষ্ট সমস্যাৰ ধৰণ আৰু মাত্ৰাৰ স'তে সম্পৰ্কিত সকলো প্ৰমাণ উপলব্ধ হোৱা দৰকাৰ।
    • প্ৰকল্পৰ জৰিয়তে উপনীত হ'ব খোজা বিকাশৰ লক্ষ্যক সঠিকভাৱে উপস্থাপন কৰা দৰকাৰ।
    • প্ৰকল্পৰ জৰিয়তে আহৰণ হোৱাৰ সম্ভাৱ্য সুফলসমূহক জনসংখ্যা আৰু অন্যান্য উপযুক্ত মাপকৰ মাধ্যমত সাংখ্যিকভাৱে উপস্থাপন।
    • ৰাজ্য চৰকাৰৰ অধীনত চলি থকা আঁচনিসমূহৰ লগতে, প্ৰস্তাৱিত প্ৰকল্পৰ জৰিয়তে কিদৰে পুনৰাবৃত্তি ৰোধ কৰা হ'ব আৰু সুফলসমূহ বৰ্ধন কৰিব পৰা যাব, সেয়া উল্লেখ কৰা দৰকাৰ।
    • পূঁজি আৱণ্টনৰ বাবে প্ৰকল্পক বিচাৰ কৰিব পৰাকৈ সকলো অৰ্থনৈতিক সূচক উল্লেখ কৰাৰ লগতে, সামাজিক আন্তঃগাঁঠনিমূলক প্ৰকল্পৰ ক্ষেত্ৰত, প্ৰকল্পটি অনুমোদন জনাবৰ বাবে প্ৰয়োজনীয় সকলো আৰ্থ-সামাজিক দিশৰ বিস্তৃত বিৱৰণ দিয়া দৰকাৰ।
    • প্ৰকল্পটিৰ স্থায়িত্ব সম্পৰ্কীয় দিশসমূহ, বিশেষকৈ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত সংশ্লিষ্ট সম্পদসমূহ তথা আনুষংগিক বিষয়সমূহৰ পৰিচালনা আৰু চোৱা-চিতাবিষয়ক দিশবোৰ উল্লেখ কৰিব লাগে।
    • আনুমানিক ব্যয়, বিত্তীয় আৰু কাৰিকৰী স্তৰসমূহ, সময়সীমা, ৰাজ্যিক/কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় প্ৰশাসনিক আৰু আইনী অনুমোদনৰ স্থিতি তথা প্ৰকল্প ৰূপায়নৰ বাবে থকা প্ৰস্তুতি সম্পৰ্কীয় দিশবোৰো ভালকৈ উল্লেখ কৰা দৰকাৰ।
     

    প্ৰকল্পৰ ধাৰণা পত্ৰখনত উল্লেখ কৰা ব্যয় সদায় বাস্তৱসাপেক্ষ হ'ব লাগে আৰু শেহতীয়া অনুমোদিত নিৰিখভিত্তিক হোৱা দৰকাৰ। প্ৰকল্পৰ চূড়ান্ত অনুমোদন প্ৰক্ৰিয়াত ধাৰণা পত্ৰত উল্লেখিত ব্যয়তকৈ মাত্ৰ ১০-১৫% হে বৃদ্ধি কৰাৰ অনুমতি দিয়া হয়। কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে এই সীমা ২০% পৰ্য্যন্ত বঢ়াব পৰা যায়। ইয়াতকৈ ব্যয় বেছি হ'লে প্ৰকল্পটো বাদ দিয়াৰ সম্ভাৱনা বাঢ়ি যায় অথবা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত মত দিব লগা হয় বা বৰ্ধিত ব্যয় বহন কৰিব লগা হ'ব পাৰে।

    ধাৰণা পত্ৰত উল্লেখিত প্ৰকল্পৰ পৰিসৰটো, মূল বিস্তৃত প্ৰকল্প প্ৰতিবেদনত প্ৰকাশ কৰিব খোজা বিষয়ৰ সতে সামঞ্জস্য থকা হোৱা উচিত। প্ৰাৰম্ভিক ধাৰণা পত্ৰত উল্লেখিত পৰিসৰতকৈ বিস্তৃত প্ৰকল্প প্ৰতিবেদনত উল্লেখিত পৰিসৰত বহু বেছি প্ৰভেদ থকাটো বাঞ্চনীয় নহয়।

    সাধাৰণতে, তিনি কোটি টকাতকৈ কম মূল্যৰ প্ৰকল্প ড'নাৰ মন্ত্ৰালয়ে এনএলচিপিআৰ আঁচনিৰ অধীনত লোৱা নহয়। প্ৰকল্পৰ ধাৰণা পত্ৰ ড'নাৰ মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰহণ কৰাৰ দুইমাহৰ ভিতৰত, ৰাজ্য চৰকাৰে, শেহতীয়া অনুমোদিত নিৰিখ অনুসৰি এক বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰি, তাৰ ৫ টা প্ৰতিলিপি, ৰাজ্যৰ মূখ্য বিভাগৰ যোগেদি মন্ত্ৰালয়ত দাখিল কৰিব লাগে। ৰাজ্য চৰকাৰে প্ৰকল্পৰ বিস্তৃত প্ৰতিবেদন যদি নিৰ্দিষ্ট দুই মাহৰ ভিতৰত জমা দিব নোৱাৰে, প্ৰকল্পটো নাকচো হ'ব পাৰে।

    প্ৰকল্পৰ বিস্তৃত প্ৰতিবেদনখনত প্ৰকল্পৰ আৰ্থ-সামাজিক সম্ভাৱনীয়তা প্ৰতিবেদন সন্নিৱিষ্ট কৰাৰ লগতে, ইয়াৰ অৰ্থনৈতিক আৰু কাৰিকৰী কাৰ্য্যকাৰীতা যেনে ইয়াৰ যুক্তিযুক্ততা, ব্যয়, অন্যান্য উৎসৰ পৰা উপলব্ধ পুঁজি, প্ৰকল্পৰ বাবে নিৰ্ধাৰিত এলেকা তথা কাষৰীয়া অঞ্চলত থকা সদৃশ সুবিধা, পুংখানুপুংখ কাৰিকৰী বিৱৰণ আদি উল্লেখ থাকিব লাগে।

    • CPM আৰু PERT তালিকা;
    • প্ৰয়োজনীয় সম্পদ যেনে ব্যয়ৰ বাৰ্ষিক ব্যয় পৰিকল্পনা;
    • তিনিমহীয়া আৰু বাৰ্ষিকভিত্তিক উপনীত হ'ব লগীয়া লক্ষ্য (প্ৰকল্পৰ নিৰীক্ষণ সূচক অনুযায়ী);
    • প্ৰকল্প ৰূপায়ন সময়সূচী (পৰিশিষ্ট - ৩);
    • প্ৰকল্পত উল্লেখিত হিচাপসমূহ যে ৰাজ্যত প্ৰযোজ্য হৈ থকা শেহতীয়া অনুমোদিত নিৰিখৰ ভিত্তিত নিৰূপিত, সেই কথা উল্লেখ থকা ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা (মুখ্য অভিযন্তাৰ সমপৰ্য্যায়তকৈ নিম্ন নোহোৱা বিষয়া) এক প্ৰামাণিক নথি;
    • সকলো প্ৰয়োজনীয় নিয়ামক আৰু আইনী অনুমতি তথা সেইবোৰ আহৰণ কৰাৰ সময়সীমা
     

    ব্যয়ৰ সংবৰ্ধন:

    ক) সচৰাচৰ কোনো কাৰণতে নন লেপচেবল কেন্দ্ৰীয় পুঁজিৰ অধীনত ব্যয় সংবৰ্ধনক বিবেচনা কৰা নহয়। তথাপিও, কিছুমান, ব্যতিক্ৰমী আৰু উপযুক্ত প্ৰকল্পৰ ক্ষেত্ৰত, যদিহে, প্ৰকল্পৰ প্ৰাৰম্ভিক ধাৰণাৰ সময়ছোৱাত নিৰ্ধাৰণ নকৰা কোনো কামক পৰৱৰ্তী পৰ্য্যায়ত প্ৰকল্পৰ আওঁতাত সামৰি, মূল ধাৰণালৈ অনা পৰিৱৰ্তনৰ বাবে ব্যয়ৰ হিচাপ বৃদ্ধি হয়, তেনে ক্ষেত্ৰত প্ৰকল্পটি উপযুক্ত সময়ত, এনএলচিপিআৰ সমিতিৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ'ব পাৰে।

    খ) কোনো কোনো ক্ষেত্ৰত, প্ৰকল্পৰ ব্যয় বৃদ্ধি প্ৰকল্পৰ কামৰ পৰিসৰ বৃদ্ধিৰ বাবে নহ'বও পাৰে। তেনে ক্ষেত্ৰত, যদিহে ৰূপায়নকাৰী সংস্থাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰকৰ বাবে ব্যয় বৃদ্ধি হোৱা বুলি অনুমান কৰা হয়, তেন্তে, সংশ্লিষ্ট অনুমোদন সমিতিয়ে এই বৰ্ধিত ব্যয় বিবেচনা কৰি চাব পাৰে, যদিহে প্ৰাৰম্ভিকভাৱে অনুমোদিত ব্যয়তকৈ সামগ্ৰিক ব্যয়ৰ বৃদ্ধিৰ মাত্ৰা ২০% তকৈ অধিক নহয়। তেনে ক্ষেত্ৰত, এনএলচিপিআৰ আৰু ৰাজ্য চৰকাৰৰ পৰা ১:১ অনুপাতত সমানে পূঁজিৰ যোগান ধৰাৰ ব্যৱস্থাৰে এনে বৰ্ধিত ব্যয়ত অনুমোদন জনোৱা হয়।

    ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰকল্পৰ ৰূপায়ন

    ১. ড'নাৰ মন্ত্ৰালয়ে প্ৰকল্পত অনুমোদন জনোৱাৰ পাছত, ৰাজ্য চৰকাৰে এইটো নিশ্চিত কৰা দৰকাৰ যে, ছপা মাধ্যম আৰু ৱেবচাইটৰ মাধ্যেমেৰে বহুল প্ৰচাৰৰ দ্বাৰা সংশ্লিষ্ট কামটিৰ বাবে প্ৰতিযোগিতামূলক নিবিদা আহ্বান কৰা হয় আৰু অনুমোদনৰ তিনিমাহৰ ভিতৰতে, ৰাজ্য চৰকাৰৰ পৰা ৰূপায়নকাৰী সংস্থালৈ পূঁজি মোকলাই দিয়ালৈও অপেক্ষা নকৰাকৈ, প্ৰকল্পৰ কাম উপযুক্ত ব্যক্তি বা গোটক দিয়া হয়।

    ২. ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সকলো বিধিসন্মত নীতি-নিয়ম মানি চলাৰ লগতে, বিস্তৃত প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰা ৰূপায়নৰ সময়সূচী আৰু নিৰ্দিষ্ট লক্ষ্যসমূহ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব।

    ৩. যদিহে কোনো স্থানীয় সংস্থা নিবিদাত অনুসৰণ কৰিবলগীয়া নিবিদা দাখিলৰ নিয়ম বা বিত্তীয় নিয়মৰ অধীনত অৰ্হতাসম্পন্ন বুলি বিবেচিত হয়, তেন্তে ৰাজ্য চৰকাৰে তেনে স্থানীয় সংস্থাক অগ্ৰাধিকাৰ দিব পাৰে।

    ৪. নিৰ্ধাৰিত সময়ৰ পৰা ছমাহৰ ভিতৰত (ৰাজ্য চৰকাৰৰ দ্বাৰা দাখিল কৰা প্ৰকল্প প্ৰতিবেদনত উল্লেখ থকা তাৰিখ অনুযায়ী) সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰকল্পলৈ ড'নাৰ মন্ত্ৰালয়ৰ পৰা পূঁজিৰ যোগান বন্ধ কৰি দিয়া হ'ব। তেনে ক্ষেত্ৰত, বাকী থকা কাম, নিজা পূঁজিৰে সম্পূৰ্ণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ।

    ৫. প্ৰকল্পৰ ৰূপায়নৰ সময়ছোৱাত যদি ৰাজ্য চৰকাৰে, প্ৰকল্প সম্পূৰ্ণ কৰাৰ সময়সীমা বৃদ্ধি বা সলনি কৰিব খোজে, তেন্তে, সেয়া ৰাজ্যৰ মূখ্য সচিব পৰ্য্যায়ত এক সভা আহ্বানৰ জৰিয়তে কৰিব পাৰে আৰু প্ৰকল্প সম্পূৰ্ণ কৰাৰ সংশোধিত তাৰিখ ড'নাৰ মন্ত্ৰালয়ক জনাব পাৰে।

    পূঁজি মুকলি :

    ১. ড'নাৰ মন্ত্ৰালয়ৰ সাহায্যৰ বাবে প্ৰস্তাৱ একোটা অনুমোদিত হোৱাৰ লগে লগে, প্ৰকল্পৰ সমূহ ব্যয়ৰাশি, ৪০%, ৪০% আৰু ২০% ৰ তিনিটা কিস্তিত মোকলাই দিয়া হয়। কেতিয়াবা, কোনো কোনো বিশেষ পৰিস্থিতিত, যদিহে প্ৰস্তাৱটিত স্পষ্টভাৱে কাৰণটো উল্লেখ কৰা হয়, তেনে ক্ষেত্ৰত এই নিয়মৰ ব্যতিক্ৰম হ'ব পাৰে। এনএলচিপিআৰ বিভাগে, সংশ্লিষ্ট যুটীয়া সচিৱৰ যোগেদি, মন্ত্ৰালয়ৰ নিজা বিত্ত বিভাগৰ পৰা এই ক্ষেত্ৰত, কিস্তিসমূহ মোকলাই দিয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

    ২. ৰাজ্য চৰকাৰলৈ প্ৰকল্পৰ বাবে ধনৰ অনুমোদনৰ ক্ষেত্ৰত ৯০:১০ অনুপাতত সাহায্য দিয়া হয়। অৰ্থাৎ, প্ৰকল্পৰ মুঠ ব্যয়ৰ ৯০% ড'নাৰ মন্ত্ৰালয়ে, ৰাজ্য চৰকাৰক অনুমোদিত সাহায্য হিচাপে দিয়াৰ বিপৰীতে, বাকী ৰোৱা ১০% ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৰাজ্যৰ ৰাজকোষৰ পৰা আহিব। অন্যহাতে, যদিহে ধন আদায় দিব লগীয়া থাকে, তেনে ক্ষেত্ৰত সেয়া, কেন্দ্ৰীয় পূঁজিৰ পৰা, পৰিপূৰক সাহায্য হিচাপে সেয়া আদায় দিয়া হ'ব।

    ৩. চলি থকা প্ৰকল্পৰ বাবে পূঁজি মুকলি: প্ৰকল্পৰ ৪০% কাম সম্পূৰ্ণ হ'লেহে আৰু ১ম কিস্তিত মুকলি কৰা ধনৰ অন্ততঃ ৮০% ধনৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিলেহে ২য় কিস্তি মুকলি কৰা হ'ব। ইয়াৰ পৰৱৰ্তী কিস্তিসমূহৰ ধন, প্ৰকল্প ৰূপায়নৰ বিত্তীয় ব্যয় আৰু কামৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰকল্পৰ শেহতীয়া কিস্তিৰ ৮০% তথা তাৰো আগৰ কিস্তিসমূহৰ সম্পূৰ্ণ ধনৰ ব্যৱহাৰ হ'লেহে আৰু সেই অনুপাতে, প্ৰকল্পৰ কামৰ অগ্ৰগতি হ'লেহে এনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তিৰ ধন মোকলোৱা হয়।

    ৪. ৰাজ্য চৰকাৰৰ দ্বাৰা পৰৱৰ্তী কিস্তিৰ ধন মোকলাবৰ বাবে জনোৱা আবেদন নিম্নোক্ত নথিসমূহ থাকিব লাগিব:

    • ধন ব্যৱহাৰৰ প্ৰমাণপত্ৰ ((UCs))
    • তিনিমহীয়া অগ্ৰগতিৰ খতিয়ান (QPRs)
    • সম্পূৰ্ণ কৰা কামৰ ফটো
    • আবেদন জনোৱা ৰাশিৰ ব্যৱহাৰৰ, নিৰ্দিষ্ট লক্ষ্য তথা সময়সূচীসহ কৰ্মআঁচনি
    • মূখ্য বিষয়াৰ পৰিদৰ্শন প্ৰতিবেদন, য'ত কামৰ খতিয়ান আৰু বিত্তীয় ব্যয়ৰ খতিয়ান দিব লাগিব।
     

    ৫. আৱণ্টিত ধনৰাশি ৰূপায়নকাৰী সংস্থাই প্ৰকল্পৰ কামত ব্যয় কৰিলেহে, ধন ব্যৱহাৰৰ প্ৰমাণপত্ৰ (পৰিশিষ্ট ঘ) জমা দিব লাগিব। ৰাজ্য চৰকাৰৰ হৈ পৰিকল্পনা সচিব আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ক্ষেত্ৰত, অন্ততঃ যুটীয়া সচিৱ পৰ্য্যায়ৰ বিষয়াই এই প্ৰমাণপত্ৰত স্বাক্ষৰ কৰিব লাগিব। এইসমূহ আৱশ্যকীয় নথি জমা দিলেহে পৰৱৰ্তী কিস্তি মোকলাই দিবৰ বাবে অনুমোদন জনোৱা হ'ব।

    ৬. কেন্দ্ৰীয় পূঁজিৰ পৰা মোকলাই দিয়া দিয়া, ৰাজ্য চৰকাৰে ধন জমা হোৱাৰ ১৫ দিনৰ ভিতৰত, ৰূপায়নকাৰী সংস্থা বা প্ৰকল্প কৰ্তৃপক্ষলৈ (যেনে, গড়কাপ্তানি, গৃহনিৰ্মাণ নিগম, ৰাজ্যিক বিদ্যুত পৰিষদ আদি) স্থানান্তৰিত কৰিব লাগিব আৰু ধন প্ৰেৰণ কৰা হ'ল বুলি এখন প্ৰমাণ পত্ৰ ৰাজ্য চৰকাৰে ডনাৰ মন্ত্ৰালয়ক জমা দিব লাগিব।

    ৭. কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া ধন, ধন মোকলোৱাৰ তাৰিখৰ পৰা ১২ মাহৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব। যদিহে, নিৰ্দিষ্ট সময়ৰ ভিতৰত ধনৰ ব্যৱহাৰ সম্পূৰ্ণ নহয়, তেন্তে, এনেকুৱা বিষয়বোৰ, উপযুক্ত কাৰণ দৰ্শাই পুনৰ অনুমোদনৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব। উপযুক্ত কাৰণ সাপেক্ষে, এনেক্ষেত্ৰত, মন্ত্ৰালয়ৰ সচিৱে, এক সীমিত সময়ৰ ভিতৰত, এনে প্ৰকল্পৰ পুনঃঅনুমোদন জনাব পাৰে।

    নিৰীক্ষণ আৰু মূল্যায়ন

    ১. ৰাজ্যিক আৰু কেন্দ্ৰীয় মন্ত্ৰালয় তথা বিভাগসমূহে, প্ৰতিটো প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ এক খতিয়ান, প্ৰতি তিনিমাহৰ মূৰে মূৰে পৰিশিষ্ট ঙ ত উল্লেখ কৰা ধৰণেৰে জমা দিব লাগিব। এই নিৰ্দিষ্ট ফৰ্মেটৰ বাদেও , অতিৰিক্ত তথ্য প্ৰয়োজনসাপেক্ষে দাখিল কৰিব পৰা যায়। এনে তিনিমহীয়া অগ্ৰগতি প্ৰতিবেদন, মন্ত্ৰালয়ৰ যুটীয়া সচিৱক নিৰ্দিষ্ট তিনিমাহৰ সময় উকলাৰ তিনিসপ্তাহৰ ভিতৰত জমা দিব লাগিব।

    ২. ৰাজ্যৰ মূখ্য সচিৱে, এনএলচিপিআৰ আঁচনিৰ অধীনত চলি থকা প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিবৰ বাবে তিনিমাহৰ মূৰে মূৰে সভা আহ্বান কৰিব আৰু এনে সভাত লাভ কৰা সমূহ তথ্য এক প্ৰতিবেদন হিচাপে ড'নাৰ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগিব।

    ৩. ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকল্পৰ পৰিদৰ্শন কৰিব। তিনিমহীয়া পৰ্য্যবেক্ষণ প্ৰতিবেদনত এনে পৰিদৰ্শনত লাভ কৰা তথ্য সম্বলিত এক পৃথক আৰু সুস্পষ্ট অংশ থকা দৰকাৰ। যদিহে, এনএলচিপিআৰ প্ৰকল্প কেন্দ্ৰীয় সংস্থাই ৰূপায়ন কৰে, তেন্তে, তেনেক্ষেত্ৰত, প্ৰকল্প পৰিদৰ্শন উপযুক্ত কৰ্তৃত্বশীল সংস্থাৰ দ্বাৰা সম্পন্ন কৰিব পৰা যায় আৰু তেনে পৰিদৰ্শন প্ৰতিবেদন, সংশ্লিষ্ট ৰাজ্য চৰকাৰক অৱগত কৰা সাপেক্ষে মন্ত্ৰালয়ক দাখিল কৰিব লাগিব।

    ৪. ৰাজ্য চৰকাৰে এনেকুৱা প্ৰত্যেক প্ৰকল্পৰ বাবে একোজন 'মুখ্য বিষয়া' নিয়োগ কৰিব, যিজন প্ৰকল্পৰ সামগ্ৰিক ৰূপায়ন আৰু নিৰীক্ষণৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব।

    ৫. প্ৰকল্পৰ ৰূপায়ন প্ৰক্ৰিয়াৰ নিৰীক্ষণ তথা মূল্যায়ন ড'নাৰ মন্ত্ৰালয়ৰ বিষয়াৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শনৰ মাধ্যেমেৰে সম্পন্ন কৰাৰ লগতে, প্ৰভাৱ অধয়্যন, সামাজিক অ'ডিট তথা চৰকাৰী মূল্যায়নৰ দ্বাৰাও কৰিব পাৰি অথবা ড'নাৰ মন্ত্ৰালয়ৰ অনুৰোধ সাপেক্ষে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰাও কৰাব পাৰি।

    ৬. প্ৰত্যেক ৰাজ্যচৰকাৰে, এইটো নিশ্চিত কৰিব লাগিব যে, এনএলচিপিআৰৰ অধীনত সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহ চৰকাৰৰ পৰিকল্পনা ব্যয়ৰ মুখ্য ব্যয়ৰ শিতানৰ পৰা উপ-মুখ্য ব্যয়ৰ শিতানত দেখুওৱা হয় যাতে, অডিটত প্ৰমাণিত কৰা অনুযায়ী এই শিতানসমূহৰ অধীনত উলিওৱা ৰাশিৰ পৰিমাণ, ৰাজ্য চৰকাৰে প্ৰত্যেক প্ৰকল্পৰ বাবদ দেখুওৱা ব্যয়ৰ পৰিমাণৰ সতে মিলাব পৰা যায়।

    ৭. ৰাজ্য চৰকাৰে 'অগ্ৰাধিকাৰ তালিকা' দাখিল কৰাৰ পৰা প্ৰকল্প সম্পূৰ্ণ হোৱা পৰ্য্যন্ত প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কীয় সকলো তথ্য, ৰাজ্য চৰকাৰৰ নিৰ্দিষ্ট বিষয়াৰ দ্বাৰা প্ৰচলিত অনলাইন ডাটা এণ্ট্ৰী মেনেজমেণ্ট ইনফৰমেচন চিষ্টেমত সন্নিৱিষ্ট হোৱাটো নিশ্চিত কৰিব লাগিব।

    ৮. ইয়াৰ লগতে, মন্ত্ৰালয়ে, প্ৰকল্প ৰূপায়নৰ সমূহ আলেখ-লেখৰ, ৰাজ্য চৰকাৰৰ সতে যুটীয়া সচিৱ পৰ্য্যায়ত ভিডিঅ' কনফাৰেন্সিং পদ্ধতিৰে খতিয়ান লৈ থাকিব লাগিব।

    স্বচ্ছতা আৰু তথ্য প্ৰচাৰ

    ননলেপচেবল কেন্দ্ৰীয় পূঁজিৰ দ্বাৰা সাহায্যপ্ৰাপ্ত উন্নয়নমূলক আঁচনিৰ সমূহ তথ্য যাতে, আঁচনিৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যৰে, প্ৰকল্পৰ সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত স্বচ্ছতা তথা তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ নিশ্চিত কৰা দৰকাৰ: ইয়াকে কৰিবৰ বাবে নিন্মোক্ত দিশসমূহত গুৰুত্ব আৰোপ কৰাটো অত্যাৱশ্যকীয়:

    (ক) কেন্দ্ৰীয় পূঁজিৰ সাহায্য প্ৰাপ্ত সকলো আঁচনি/প্ৰকল্পৰ বিষয়ে স্থানীয় প্ৰচাৰ মাধ্যমত বহুলভাৱে প্ৰচাৰ কৰিব লাগিব।

    (খ) প্ৰকল্পৰ অনুমোদন পোৱাৰ লগে লগে, ৰাজ্য চৰকাৰে, প্ৰকল্পৰ স্থানত এখন চাইনবৰ্ড স্থাপন কৰিব, য'ত প্ৰকল্পৰ অনুমোদনৰ তাৰিখ, সম্পূৰ্ণ হোৱাৰ সম্ভাৱ্য তাৰিখ, প্ৰকল্পৰ আনুমানিক ব্যয়, বিত্তীয় উৎস অৰ্থাৎ নন-লেপচেবল কেন্দ্ৰীয় পুঁজি (ভাৰত চৰকাৰ), ঠিকাদাৰৰ নাম তথা প্ৰকল্পৰ কাৰিকৰী লক্ষ্য সমূহ আদিৰ তথ্য উল্লেখ থাকিব লাগিব। প্ৰকল্প সম্পূৰ্ণ কৰাৰ পাছত, ৰাজ্যিক চৰকাৰে সংশ্লিষ্ট প্ৰকল্পৰ সম্পদৰ দেৱাল বা তেনে কোনো চকুত পৰা স্থানত, পূঁজিৰ বিশদ তথ্যসহ এখন স্থায়ী তথ্য-পত্ৰ স্থাপন কৰিব লাগিব।

    (গ) ৰাজ্য চৰকাৰে উপযুক্ত উপায়েৰে, প্ৰিণ্ট বা ইলেকট্ৰনিক মাধ্যমৰ যোগেদি, কেন্দ্ৰীয় পূঁজিৰ দ্বাৰা ৰূপায়িত আঁচনি সম্পৰ্কে সমূহ তথ্য প্ৰচাৰ কৰিব।

    সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ

    এনএলচিপিআৰ আঁচনিৰ অধীনত প্ৰকল্প সকলোদিশৰ পৰা অৰ্থাৎ কাৰিকৰীভাৱে আৰু বিত্তীয়ভাৱে সম্পূৰ্ণ হোৱাৰ পাছত, ৰূপায়নকাৰী বিভাগে, মূখ্য বিভাগৰ জৰিয়তে ড'নাৰ মন্ত্ৰালয়ক এক প্ৰকল্প সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।