মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

সম্যক বিৱৰণ

অসম চৰকাৰৰ অন্যতম পুৰণি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ অন্যতম হ'ল গড়কাপ্তানি বিভাগ। বৃটিছ চৰকাৰৰ অধীনতে, ১৮৮০ চনতে এই বিভাগটো স্থাপন কৰা হয়। আৰম্ভণিতে, ৰাজ্যৰ ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো নিৰ্মাণ আৰু মেৰামতিৰ কাম এই বিভাগৰ তত্বাৱধানত আছিল। ১৯৫৬ চনত, মথাউৰি আৰু নলা-নৰ্দমা (ই এণ্ড ডি) নামেৰে এটি পৃথক বিভাগ খুলি, গড়কাপ্তানি বিভাগক দুভাগত বিভক্ত কৰা হয়।

স্বাধীনতাৰ পিছৰেপ্পৰা এই বিভাগটোত যথেষ্ট পৰিৱৰ্তনৰ সূচনা হয়। ইয়াৰ কাৰ্য্যসূচীৰ সঠিক পৰিচালনা তথা ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নমূলক কামত চৰকাৰে দিয়া অগ্ৰাধিকাৰৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিব পৰাকৈ বিভাগটোক, গড়কাপ্তানি (পথ) আৰু গড়কাপ্তানি (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ নামেৰে দ্বিখণ্ডিত কৰা হয়।

গড়কাপ্তানি (পথ) বিভাগৰ মুখ্য কাম হ'ল ৰাজ্যত যোগাযোগ ব্যৱস্থাৰ বিকাশ তথা সুদক্ষ যাতায়ত ব্যৱস্থাৰ প্ৰৱৰ্তনৰ বাবে ৰাজ্যৰ পথ আন্তঃগাঁথনিৰ উন্নয়ন তথা ব্যৱস্থাপনা। এই বিভাগে ৰাজ্যৰ পথ, দলং, কালভাৰ্ট আদিৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ৰূপায়ন কৰে।