ভাৰত চৰকাৰে, নাবাৰ্ডৰ অধীনত, ১৯৯৫-৯৫ চনত, ২০০০ কোটি টকাৰ আৰম্ভণিৰাশিসহ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজিৰ সূচনা কৰে। অসম চৰকাৰে, এই পূঁজিৰ অধীনত নাবাৰ্ডৰ পৰা বিত্তীয় সাহায্য গ্ৰহণ কৰি গ্ৰাম্যাঞ্চলসমূহত পথ আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই অনুসৰি, অসমত, ১৯৯৭-৯৮ চনৰ পৰা এই আৰআইডিএফ আঁচনিৰ অধীনত, গড়কাপ্তানি বিভাগৰ দ্বাৰা গ্ৰাম্য পথ আৰু দলং নিৰ্মাণ প্ৰকল্পৰ সূচনা হয়। এই আঁচনিৰ দ্বাৰা ৰাজ্যত, ২০১৬-১৭ চন পৰ্য্যন্ত অনুমোদিত আৰু ৰূপায়িত হোৱা মুঠ ১৮৯০ কি:মি: পথ আৰু ৫৬৫ খন দলঙৰ নিৰ্মাণৰ বাবদ হোৱা ব্যয়ৰ পৰিমাণ ২৩৫৭ কোটি টকা।
নাবাৰ্ডৰ দ্বাৰা বিত্তীয় সাহায্যপ্ৰাপ্ত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পূঁজিৰ মূখ্য উদ্দেশ্য হ'ল পৰ্য্যায়ক্ৰমে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহত পথ আৰু দলং নিৰ্মাণ কাৰ্য্যসূচীৰ জৰিয়তে এই অঞ্চলসমূহৰ সমতুল আৰু সমন্বিত অৰ্থনৈতিক বিকাশ সাধন কৰা।
ক্ৰ নং | ট্ৰেন্স | অনুমোদিত ৰাশি (কোটি টকা) | নাবাৰ্ডৰ পৰা মোকলাই দিয়া শেহতীয়া ৰাশি (কোটি টকা) | মুঠ প্ৰকল্পৰ সংখ্যা | সম্পূৰ্ণ হোৱা প্ৰকল্পৰ সংখ্যা | সম্পূৰ্ণ হ'বলৈ থকা প্ৰকল্পৰ সংখ্যা | |||
---|---|---|---|---|---|---|---|---|---|
পথ | দলং | পথ | দলং | পথ | দলং | ||||
১. | RIDF - XVI | ১০৭.২ | ৯৪.০ | ৪ | ১২ | ৪ | ১১ | ০ | ১ |
২. | RIDF - XVII | ১৬২.৭ | ১২১.২ | ৬ | ১০২ | ৬ | ৭৮ | ০ | ২৪ |
৩. | RIDF - XIX - বেচ্চ –I | ১৬২.১ | ১২৫.০ | ১৫ | ৪৪ | ১১ | ৩১ | ৪ | ১৩ |
৪. | RIDF - XIX - বেচ্চ -II | ৫৫.৭ | ৪২.৪ | ২৭ | ৭ | ২২ | ৬ | ৫ | ১ |
৫. | RIDF - XX | ২৮১.৪ | ১৬৯.৩ | ১৭৬ | ৭ | ১৩২ | ১ | ৪৪ | ৬ |
৬. | RIDF - XXI | ২৩১.৩ | ৫৫.৮ | ১৩৬ | ২ | ৫০ | ০ | ৮৬ | ২ |
৭. | RIDF - XXII | ৩০৬.৮ | ০.০ | ১১২ | ০ | ০ | ০ | ১১২ | ০ |
মুঠ: | ১৩০৭.১ | ৬০৭.৭ | ৪৭৬ | ১৭৪ | ২২৫ | ১২৭ | ২৫১ | ৪৭ |