মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

বিভাগত নিজকে পঞ্জীয়নৰ বাবে আবেদন কৰিব

বিভাগৰ সৈতে কাম কৰা ঠিকাদাৰসকলে অনলাইন যোগে 'বিক্ৰেতা লগইন' অংশত আবেদন কৰি নিজকে পঞ্জীভুক্ত কৰিব লাগিব। বিভাগৰ দ্বাৰা নিম্নোক্ত শ্ৰেণীসমূহত ঠিকাদাৰ সকলৰ পঞ্জীয়ন কৰা হয় :

  • ৩য় শ্ৰেণী
  • ২য় শ্ৰেণী
  • ১ম শ্ৰেণী (ক)
  • ১ম শ্ৰেণী (খ)
  • ১ম শ্ৰেণী (গ)
 

৩য় শ্ৰেণী:

৩য় শ্ৰেণী হ'ল ঠিকাদাৰসকলৰ বাবে প্ৰৱেশ পৰ্যায়ৰ পঞ্জীয়ন শ্ৰেণী। এই শ্ৰেণীৰ অধীনত পঞ্জীভুক্ত হ'বৰ বাবে ঠিকাদাৰ একোজনক কোনো আগতীয়া অভিজ্ঞতাৰ প্ৰয়োজন নাই।

তৃতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন কাৰ্য্যকৰী অভিযন্তা মূৰব্বী হিচাপে থকা সংমণ্ডল কাৰ্য্যালয় সমূহতে কৰা হয়।

এনে এজন ঠিকাদাৰে যেতিয়া, ২৫ লাখ টকা মূল্যৰ এটা কাম সম্পন্ন কৰিব, তেতিয়া তেওঁ নিজকে ২য় শ্ৰেণীৰ ঠিকাদাৰ হিচাপে পঞ্জীয়ন কৰাব পাৰে।

২য় শ্ৰেণী:

দ্বিতীয় শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰিবৰ বাবে এজন ঠিকাদাৰৰ নিজাকৈ বা ভাৰা/লীজভিত্তিত তলৰ যন্ত্ৰ-পাতিবোৰ থাকিব লাগিব - (i) ট্ৰাক, (ii) কনক্ৰিট ভাইব্ৰেটৰ, (iii) পাম্প চেট, (iv) কংক্ৰিট মিক্সাৰ মেচিন, (v) ৰ'ড ৰ'লাৰ: ৮ ৰ পৰা ১০ টন ক্ষমতাৰ।

এই শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন, অধীক্ষক অভিযন্তাৰ নেতৃত্বত থকা চক্ৰ কাৰ্য্যালয় সমূহত কৰা হয়।

এই শ্ৰেণীৰ ঠিকাদাৰে, ৫০ লাখ টকাৰ এটা কাম সম্পন্ন কৰাৰ পাছত আৰু এজন ডিপ্লমা অভিযন্তা (চিভিল) আৰু এজন গ্ৰেজুৱেট অভিযন্তা (চিভিল) সহ মুখ্য ব্যক্তি ৰূপে ঘোষণা কৰি ১ম (গ) শ্ৰেণীত নিজকে পঞ্জীয়ন কৰাব পাৰে।

১ম (গ) শ্ৰেণী:

এই শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰিবৰ বাবে এজন ঠিকাদাৰৰ নিজাকৈ বা ভাৰা/লীজভিত্তিত তলৰ যন্ত্ৰ-পাতিবোৰ থাকিব লাগিব - (i) ট্ৰাক, (ii) কনক্ৰিট ভাইব্ৰেটৰ, (iii) পাম্প চেট, (iv) কংক্ৰিট মিক্সাৰ মেচিন, (v) ৰ'ড ৰ'লাৰ: ৮ ৰ পৰা ১০ টন ক্ষমতাৰ, (vi) জেনেৰেটৰ চেট।

এই শ্ৰেণীৰ ঠিকাদাৰে, ১০০ লাখ ( এক কোটি) টকা মূল্যৰ এটা কাম সম্পন্ন কৰাৰ পাছত আৰু দুজন ডিপ্লমা অভিযন্তা (চিভিল) আৰু এজন গ্ৰেজুৱেট অভিযন্তা (চিভিল) সহ মুখ্য ব্যক্তি ৰূপে ঘোষণা কৰি ১ম (খ) শ্ৰেণীত নিজকে পঞ্জীয়ন কৰাব পাৰে।

১ম (খ) শ্ৰেণী:

এই শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰিবৰ বাবে এজন ঠিকাদাৰৰ নিজাকৈ বা ভাৰা/লীজভিত্তিত তলৰ যন্ত্ৰ-পাতিবোৰ থাকিব লাগিব - (i) ট্ৰাক, (ii) কংক্ৰিট ভাইব্ৰেটৰ, (iii) পাম্প চেট, (iv) কংক্ৰিট মিক্সাৰ মেচিন, (v) ৰ'ড ৰ'লাৰ: ৮ ৰ পৰা ১০ টন ক্ষমতাৰ, (vi) জেনেৰেটৰ চেট, (vii) শিলভঙা মেচিন, (viii) কংক্ৰিট কিউব টেষ্টিং মেচিন, (ix) ফাউণ্ডেচনক তললৈ ভালদৰে বহুৱাবৰ বাবে লগা যন্ত্ৰ-পাতি, (x) ষ্টীল শ্বাটাৰিং, (xi) ট্ৰিপাৰ, (xii) ষ্টীল ষ্টেজিং।

এই শ্ৰেণীৰ ঠিকাদাৰে, ২০০ লাখ ( দুই কোটি) টকা মূল্যৰ এটা কাম সম্পন্ন কৰাৰ পাছত আৰু দুজন ডিপ্লমা অভিযন্তা (চিভিল) আৰু দুজন গ্ৰেজুৱেট অভিযন্তা (চিভিল) সহ মুখ্য ব্যক্তি ৰূপে ঘোষণা কৰি ১ম (ক) শ্ৰেণীত পঞ্জীয়ন কৰাব পাৰে।

১ম(ক) শ্ৰেণী:

ঠিকাদাৰৰ পঞ্জীয়ন ব্যৱস্থাত সৰ্বোচ্চ শ্ৰেণী হ'ল ১ম(ক) শ্ৰেণী। এই শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰিবৰ বাবে এজন ঠিকাদাৰৰ নিজাকৈ বা ভাৰা/লীজভিত্তিত তলৰ যন্ত্ৰ-পাতিবোৰ থাকিব লাগিব - (i) ট্ৰাক, (ii) কংক্ৰিট ভাইব্ৰেটৰ, (iii) পাম্প চেট, (iv) কংক্ৰিট মিক্সাৰ মেচিন, (v) ৰ'ড ৰ'লাৰ: ৮ ৰ পৰা ১০ টন ক্ষমতাৰ, (vi) জেনেৰেটৰ চেট, (vii) শিলভঙা মেচিন, (viii) কংক্ৰিট কিউব টেষ্টিং মেচিন, (ix) ফাউণ্ডেচনক তললৈ ভালদৰে বহুৱাবৰ বাবে লগা যন্ত্ৰ-পাতি, (x) ষ্টীল শ্বাটাৰিং, (xi) ট্ৰিপাৰ, (xii) পাইল ড্ৰাইভিং মেচিন, (xiii) এক্সকেভেটৰ কাম ল'ডাৰ, (xiv) হট মিক্স প্লেণ্ট, (xv) স্পট মিক্স প্লেণ্ট, (xvi) ষ্টীল ষ্টেজিং।

১ম শ্ৰেণীৰ ঠিকাদাৰ সকলৰ পঞ্জীয়ন, মুখ্য অভিযন্তাৰ কাৰ্যালয়, গড়কাপ্তানি (পথ) বিভাগ, অসম, চান্দমাৰী, গুৱাহাটী-৩ ত কৰা হয়।

নতুন পঞ্জীয়ন/ নৱীকৰণ/উন্নীতকৰণৰ বাবে দৰকাৰী নথি-তালিকা

বিভাগীয় ৱেবচাইটত নিম্নোক্ত নথিসমূহ ইলেকট্ৰনিক উপায়েৰে জমা দিব লাগে -

ক. নতুন পঞ্জীয়নৰ বাবে

  • PAN কাৰ্ড
  • শেহতীয়া অসম মূল্য সংযোজিত কৰ প্ৰদান প্ৰমাণপত্ৰ। (ফৰ্ম-৬৩)
  • শেহতীয়া শ্ৰম অনুজ্ঞাপত্ৰ (নিৰ্মাণ কাৰ্যৰ বাবে)
  • শেহতীয়া বেংক চলভেন্সি প্ৰমাণপত্ৰ
  • সংলগ্ন ফটো
  • আৰক্ষীৰ পৰীক্ষণ প্ৰতিবেদন/ ম্যাদযুক্ত পাছপৰ্ট
  • জাতিগত প্ৰমাণপত্ৰ (যদিহে প্ৰযোজ্য)
  • অন্য চৰকাৰী বিভাগ/ চৰকাৰৰ অধিগৃহীত/ পৰিষদ/ সমিতি/ চৰকাৰী নিগম/ ভাৰত চৰকাৰৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা প্ৰতিষ্ঠান আদিত মুখ্য ঠিকাদাৰ হিচাপে কৰা কামৰ কৰ্ম নিৰ্দেশপত্ৰ আৰু সম্পাদিত/সম্পন্ন কৰাৰ প্ৰমাণপত্ৰ, য'ত বিগত পাঁচ বছৰত কৰা কামৰ ধৰণ বা অভিজ্ঞতাৰ বিৱৰণ লিখা থাকিব।
  • অংশীদাৰভিত্তিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত:
    • প্ৰতিষ্ঠানৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
    • অংশীদাৰিত্ব চুক্তি
    • পাৱাৰ অৱ এটৰ্ণী
  • কোম্পানীৰ ক্ষেত্ৰত
    • অংগীভুক্ত প্ৰমাণপত্ৰ
    • মেমৰেণ্ডাম অৱ এছচিয়েছন আৰু আৰ্টিকল অৱ এছচিয়েছন
    • পাৱাৰ অৱ এটৰ্ণী
 

খ. পঞ্জীয়ন নৱীকৰণৰ বাবে

  • আগৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
  • শেহতীয়া অসম মূল্য সংযোজিত কৰ প্ৰদান প্ৰমাণপত্ৰ। (ফৰ্ম-৬৩)
  • শেহতীয়া শ্ৰম অনুজ্ঞাপত্ৰ (নিৰ্মাণ কাৰ্যৰ বাবে)
  • শেহতীয়া বেংক চলভেন্সি প্ৰমাণপত্ৰ
  • সংলগ্ন ফটো
  • অংশীদাৰভিত্তিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত:
    • প্ৰতিষ্ঠানৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
    • অংশীদাৰিত্ব চুক্তি
    • পাৱাৰ অৱ এটৰ্ণী
  • কোম্পানীৰ ক্ষেত্ৰত
    • সন্নিৱিষ্টকৰণ প্ৰমাণপত্ৰ
    • মেমৰেণ্ডাম অৱ এছচিয়েছন আৰু আৰ্টিকল অৱ এছচিয়েছন
    • পাৱাৰ অৱ এটৰ্ণী
 

গ. পঞ্জীয়ন উন্নীতকৰণৰ বাবে

  • আগৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
  • শেহতীয়া অসম মূল্য সংযোজিত কৰ প্ৰদান প্ৰমাণপত্ৰ। (ফৰ্ম-৬৩)
  • শেহতীয়া শ্ৰম অনুজ্ঞাপত্ৰ (নিৰ্মাণ কাৰ্যৰ বাবে)
  • শেহতীয়া বেংক চলভেন্সি প্ৰমাণপত্ৰ
  • অংশীদাৰভিত্তিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত:
    • প্ৰতিষ্ঠানৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
    • অংশীদাৰিত্ব চুক্তি
    • পাৱাৰ অৱ এটৰ্ণী
  • কোম্পানীৰ ক্ষেত্ৰত
    • সন্নিৱিষ্টকৰণ প্ৰমাণপত্ৰ
    • মেমৰেণ্ডাম অৱ এছচিয়েছন আৰু আৰ্টিকল অৱ এছচিয়েছন
    • পাৱাৰ অৱ এটৰ্ণী