মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

পথ সুৰক্ষা

অসম চৰকাৰে শেহতীয়াভা‌ৱে ৰাজ্যখনৰ পথসমূহৰ আন্ত:গাঁঠনি বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে । ৰাজ্যখনত বৰ্ধিত হাৰত বৃদ্ধি পো‌ৱা পথ দুৰ্ঘটনাসমূহ আৰু নিহতৰ সংখ্যাই ইয়াক এটা অতি গুৰুত্বপূৰ্ণ বিষয় কৰি তুলিছে । অসমত যো‌ৱা পাঁচ বছৰত হো‌ৱা পথ দুৰ্ঘটনাৰ তথ্য তলত দিয়াধৰণৰ -

বছৰদুৰ্ঘটনাৰ সংখ্যামৃতকৰ সংখ্যাআহতৰ সংখ্যা
২০১২৬৫৩৫২২৯১৬৭০৯
২০১৩৭২১১২৪৪১৬৬০৯
২০১৪৮৮৭২৩০৫৮৭৭৮৭
২০১৫৬৯৫৯২৩৯৭৭০৬৮
২০১৬৭৪৩৫২৫৭২৬১২৭

ওপৰত দিয়া তথ্যসমূহে দুৰ্ঘটনাজনিত সংঘৰ্ষৰ ভয়াবহতা প্ৰমাণ কৰে - : ৩৫ জন লোকৰ মৃত্যু/১০০ টা দুৰ্ঘটনাত ।

সেয়ে দুৰ্ঘটনাসমূহৰ ভয়াবহতাৰ কথা চিন্তা কৰি এইবোৰৰ স‌ৱিশেষ সমিধান উলিয়াবৰ বাবে পথ সুৰক্ষাৰ পাঁচটা স্তম্ভৰ সকলো অংশীদাৰ বিভাগক সামৰি অসম চৰকাৰে অসম পথ সুৰক্ষা কৰ্ম পৰিকল্পনা (ARSAP) যুগুত কৰাৰ কথা চিন্তা কৰিছে । ARSAPক যুগুত কৰা হৈছে UN Decade of Action ৰ মতে আৰু মাননীয় মুখ্য মন্ত্ৰীৰ পৌৰহিত্যত ৮ জানু‌ৱাৰী,২০১৫ত হো‌ৱা ৰাজ্যিক পথ সুৰক্ষা কাউন্সিলৰদ্বাৰা অনুমোদিত হৈছে ।

স্তম্ভ ১: পথ সুৰক্ষা ব্য‌ৱস্থাপনা- প্ৰতিষ্ঠান আৰু সামৰ্থ্য নিৰ্মাণ

স্তম্ভ ২: অধিক সুৰক্ষিত পথ আৰু চলাচল

স্তম্ভ ৩: সুৰক্ষিত যান-বাহন

স্তম্ভ ৪: শিক্ষা, সজাগতা আৰু বলপূৰ্বকতাৰ যোগেদি সুৰক্ষিত পথ ব্ৰজকাৰী

স্তম্ভ ৫: সংকটজনক সময়ৰ যতন

ARSAPৰ অধীনত অসম চৰকাৰে ৰাজ্যখনত পথ সুৰক্ষাৰ ক্ষেত্ৰত সফলতা পো‌ৱাত সহায়ক হৈছে । আনুষ্ঠানিক ৰূপৰেখা, ষ্টেকহোল্ডাৰৰ সামৰ্থ্য বৃদ্ধি, বাধ্যকতা বৃদ্ধি কৰা আৰু অভিযান্ত্ৰিক মাধ্যমৰ বিকাশ হো‌ৱা আদিত অসম চৰকাৰে মুখ্য কাম-কাজ গ্ৰহণ কৰিছে ।

আনুষ্ঠানিক আয়োজন

  • অসম পথ সুৰক্ষা বিধিখন পৰিবহন বিভাগ , অসম চৰকাৰৰ দ্বাৰা অনুমোদিত অসম পথ সুৰক্ষা কাউন্সিলৰ ১৮.১০.২০১৬তাৰিখে হো‌ৱা বৈঠক গৃহীত । পথ সুৰক্ষা বিধিয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে ল'বলগীয়া সকলো বিধি তথা পদক্ষেপৰ সূচনা কৰে ।
  • ৰাজ্যিক পথ সুৰক্ষা অথৰিটি বিল, ২০১৭য়ে ৰাজ্যিক পথ সুৰক্ষা অথৰিটিত তথা কৰ্মচাৰীসকলক যথেষ্ট শক্তি তথা দায়িত্ব অৰ্পন কৰিছে । মুখ্য কাৰ্যবাহী বিষয়া আৰু এজন পথ পৰিবহন সচিবৰ প্ৰয়োজনীয়তা ইয়াত উল্লেখ কৰা হৈছে । এই বিলখন বৰ্তমানে ভিন্ন ষ্টেকহোল্দাৰ সকলৰ মতামতৰ বাবে বিতৰণ কৰা হৈছে ।
  • ৰাজ্যিক পথ সুৰক্ষা অথৰিটি বিল, ২০১৭ত এবিধ পূঁজিৰ কথা প্ৰস্তা‌ৱ কৰা হৈছে আৰু নাম দিয়া হৈছে - "পথ সুৰক্ষা পূঁজি, অসম" ।

পথ সুৰক্ষা প্ৰস্তা‌ৱ (PWRDৰ অন্তৰ্গত), অসম

বিশ্ব বেংকৰ অংশীদাৰ হিচাপে পথ সুৰক্ষা ব্য‌ৱস্থাপনা, PWRD, অসমে অসম ৰাজ্যিক পথ প্ৰকল্প (ASRP) ই ইয়াৰ ৰাজ্যিক ঘাইপথ আৰু ঘাই জিলা পথসমূহত পথ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে ভিন্ন পদক্ষেপ হাতত লৈছে ।

  • অসম ৰাজ্যিক পথ প্ৰকল্পৰ পৰিধি/পৰিসৰ অনুযায়ী
  • অসম পথ নিৰাপত্তা কৰ্মআঁচনি (ARSAP) আৰু ৰাজ্যিক পথ নিৰাপত্তা পৰিষদৰ নিৰ্দেশনা অনুযায়ী
  • উচ্চতম নায়্যালয়ৰ পথ নিৰাপত্তা বিষয়ক সমিতিয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা সাপেক্ষে

কৃষ্ণ স্থান নিৰূপণ আৰু নিয়ন্ত্ৰণ

  • আৰক্ষী বিভাগৰ পৰা লাভ কৰা দূৰ্ঘটনাৰ তথ্যৰ ভিত্তিত, পথ, পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ কৃষ্ণস্থান সম্পৰ্কীয় নিৰ্দেশাৱলী অনুসাৰে গড়কাপ্তানি বিভাগে, ইয়াৰ ৰাজ্যিক ঘাইপথ আৰু জিলাৰ মুখ্য পথসমূহত মুঠ ১৬ টা কৃষ্ণ স্থান চিনাক্ত কৰিছে। এই কৃষ্ণ স্থানসমূহত প্ৰতি বছৰে হোৱা দূৰ্ঘটনাজনিত মৃত্যু তথা আহতৰ তথ্য তলত দিয়া হৈছে :
  • উচ্চতম ন্যায়ালয়ৰ পথ নিৰাপত্তা বিষয়ক সমিতিৰ নিৰ্দেশানুসাৰে, এই কৃষ্ণস্থানসমূহত হস্ৰম্যাদী নিয়ন্ত্ৰণমূলক ব্যৱস্থা যেনে – পুনঃ প্ৰতিফলনকাৰী পথ নিৰ্দেশক, পথ চিহ্ন, ঘৰ্ষণপটী বা ৰাম্বল পটী, গতিৰোধক, গতিৰোধক ঢাপ, পথ নিৰূপক আদি স্থাপন কৰা হৈছে।
  • সদ্যহতে পথ নিৰাপত্তা নিৰীক্ষণৰ প্ৰথম পৰ্য্যায়ৰ নিৰীক্ষণৰ বাবে নিয়োজিত পথ নিৰাপত্তা নিৰীক্ষকসকলৰ দ্বাৰা এই অঞ্চলসমূহত দূৰ্ঘটনাৰ কাৰক বিশ্লেষণ প্ৰক্ৰিয়া চলি আছে। এই নিৰীক্ষকসকলৰ পৰা পোৱা পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰয়োজনসাপেক্ষে উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থাৰ ৰূপায়ণ কৰা হ'ব।
 

পথ  দুৰ্ঘটনা ক'লা ঠাই (PWRDৰ অন্তৰ্গত), অসম

ক্ৰমাংকপথৰ নামপথৰ দৈৰ্ঘ্য (কিমি.ত)সংযোগ থকাঅ‌ৱস্থিতিদুৰ্ঘটনাৰ সংখ্যামৃতকৰ সংখ্যাআহতৰ সংখ্যাজিলাবিভাগ
২০১২২০১৩২০১৪মুঠ২০১২২০১৩২০১৪মুঠ২০১২২০১৩২০১৪মুঠ
১.উত্তৰ গু‌ৱাহাটী মন্দাকটা পথ  (MDR)২২৯৭৫৬.০০ মিটাৰ N ২৬°১৫.৫৪৬' E ০৯১°৪৪.১৪৬' ৮৬১৪ ৫৫১০ ৩২৫কামৰূপ
(গ্ৰাম্য )
গু‌ৱাহাটী পথ বিভাগ
২.বাইহাটা চাৰিআলি গোৰেশ্বৰ পথ  (MDR)২১৩২০০.০০ মিটাৰকাৰাৰা
N ২৬°২২.৩২৭' E ০৯১°৪৪.০৪৩'
২২৩৭ ১২৩৩১১৫কামৰূপ
(গ্ৰাম্য )
ৰঙিয়া গ্ৰাম্য  পথ বিভাগ
৭২০০.০০ মিটাৰবিহদিয়া
N ২৬°২৪.৪৯৯' E ০৯১°৪৩.৭১৮'
১৩৪৮১৩১৫  ৩৩
৩.বৰদুমচা ডিগবৈ PWD পথ  ৩৬১ম  কি.মি.মাধ‌ৱপুৰ গাওঁ
N ২৭°২৩.৭২৩' E ০৯৫°৩৭.০২৪'
 ২৩৫     ২৩৫তিনিচুকীয়াতিনিচুকীয়া  ৰাজ্যিক পথ বিভাগ
৪.ৰাজ্যিক ঘাইপথ নং-২৩৫১.৫ কি.মি.নপুখুৰী বাচ আস্থান
N ২৭°২৮.৮২৫' E ০৯৫°২০.০৫৫'
১১৩৫  ১১১  ১তিনিচুকীয়াতিনিচুকীয়া  ৰাজ্যিক পথ বিভাগ
৫.সমদল পথ  Db-M-১৫.৩৫.৩ কি.মি.ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ সমদল পথ  সংযোগস্থল
N ২৭°২৮.৩৯৬' E ০৯৪°৫৩.৬৯৪'
২১৫৩২০২৫৩১০৪১২৫২১ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ বিভাগ
৬.মানকটা শৰাইঘাট বামুনবাৰী পথ  
Db-M-২
৩৩৪০০ মিটাৰৰপৰা    ৬০০ মিটাৰথানা চাৰিআলি
N ২৭°২৮.৮৬০' E ০৯৪°৫৪.৪৬২'
১৬১৪৪৩৪    ৬৪৪১৪ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ বিভাগ
১.৭কি.মি.ৰপৰা ১.৯ কি.মি.চৌকিদিঙি চাৰিআলি
N ২৭°২৮.২৩৫'  E ০৯৪°৫৪.৭৫০'
১২৫১১৮১ ১২৩৪৩১০
৭.৫ ৰপৰা  ৮.১ কি.মি.থাকুৰথান এলেকা
N ২৭°২৪.৯৩৫' E ০৯৪°৫৫.৫৪২'
৩৪৫১২  ১১৩৪৪১১
৭.এ. টি. পথ ৩য়  কি.মি.বৰু‌ৱা চাৰিআলি
N ২৬°৪৪৫.০৬৪' E ০৯৪°১০.৯৪৭'
৬২১৯২১০৩৪১১৬যোৰহাটযোৰহাট  ৰাজ্যিক পথ বিভাগ
৬ষ্ঠ  কি.মি.চাৰিগাওঁ পথ  সংযোগ স্থল
N ২৬°৪৬.১৯৮' E ০৯৪°১৪.৪২৯'
৮২১০২০৫১৭১৩৩২৩৮
৬ষ্ঠ  কি.মি.বামুনগাওঁ সংযোগ স্থল
N ২৬°৪৬.৩৮৫' E ০৯৪°১৪.৯৮৬'
৪৮৯২১১৩৬১০৩৫৬১৪
৮.শিলচৰ কালাইন পথ  
(MDR)
 ১ কি.মি.N ২৪°৫০.২৪৬' E ০৯২°৪৬.৮৮৪' ২৩৫  ৩৩ ৯ ৯কাছাৰশিলচৰ NEC বিভাগ
১৯ কি.মি.N ২৪°৫৫.৬৬৮' E ০৯২°৩৮.৯১২' ১৫৬  ১১ ১৪৫
২২ কি.মি.N ২৪°৫৭.৩৮০' E ০৯২°৩৬.৫৩৩' ১৬৭ ২১৩ ১৫৬
২৮ কি.মি.N ২৪°৫৮.০৬২' E ০৯২°৩৪.৩৯৯' ৪৩৭ ২ ২ ২৩৫
মুঠ  SH & MDR ত থকা ক'লা ঠাই  = ১৬৫৫৭৪৬৯১৯৮১২২৩৩২৬৭৩০৫১৪৭১২৮  

নিৰ্দিষ্ট কৃষ্ণ স্থানত গ্ৰহণ কৰা হস্ৰম্যাদী নিয়ন্ত্ৰণ ব্যৱস্থা

পথ নিৰাপত্তা নিৰীক্ষণ

  • গড়কাপ্তানি বিভাগে, পথ নিৰাপত্তাব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ ৰাজ্যিক ঘাইপথ আৰু জিলাৰ মুখ্য পথসমূহৰ ক্ৰমে ২২০ কিলোমিটাৰ, ২৪০ কিলোমিটাৰ আৰু ২৯১ কিলোমিটাৰ অংশৰ তিনিটা পৰ্য্যায়ত পথ নিৰাপত্তা নিৰীক্ষণ কাৰ্য্য হাতত লৈছে। অন্যহাতে, ২২০ কিলোমিটাৰ পথৰ, তৃতীয় পক্ষৰ দ্বাৰা নিৰাপত্তা নিৰীক্ষণ প্ৰক্ৰিয়াও চলি আছে আৰু ২০১৭ চনৰ অক্টোবৰ মাহৰ ভিতৰত এই কাম সম্পন্ন হ'ব বুলি আশা কৰা হৈছে।
  • ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত পথ নিৰাপত্তা সমিতিৰ নিৰ্দেশ অনুসাৰে এই পথ নিৰাপত্তা নিৰীক্ষণ কাৰ্য্যসূচীৰ ৰূপায়ন কৰা হৈছে।
  • পথ নিৰাপত্তাৰ মান উন্নত কৰাৰ ব্যৱস্থাসমূহ পথ নিৰাপত্তা নিৰীক্ষণ কাৰ্য্যসূচীৰ পৰামৰ্শৱলী তথা বিস্তৃত প্ৰকল্প প্ৰতিবেদনৰ ভিত্তিত ৰূপায়ন কৰা হ'ব।
  • ৰাজ্যৰ ৰাজ্যিক ঘাইপথ তথা জিলাৰ মুখ্য পথসমূহৰ ২৪১ কিলোমিটাৰ সামৰি হ'ব লগীয়া দ্বিতীয় পৰ্য্যায়ৰ পথ নিৰাপত্তা নিৰীক্ষণ কাৰ্য্যসূচীৰ বাবে পৰামৰ্শদাতা নিৰ্বাচনৰ প্ৰক্ৰিয়া সদ্যহতে চলি আছে।
 

নিৰাপদ গতিপথ প্ৰদৰ্শনমূলক আঁচনি – ক

গড়কাপ্তানি বিভাগে, অসম ৰাজ্যিক পথ প্ৰকল্পৰ ঋণ চুক্তিৰ নিয়মানুসাৰে, ৰাজ্যিক ঘাইপথ নং – ২ৰ ২৩ কিলোমিটাৰ অংশ (আমিনগাঁৱৰ পৰা কলিতাকূছিলৈ) নিৰাপদ গতিপথৰ প্ৰদৰ্শনমূলক আঁচনি হিচাপে উন্নীত কৰিছে। এই অংশত, ৰূপায়ন কৰা পথ সুৰক্ষা পদ্ধতিসমূহ হ'ল –

  • স্পৰ্শকাতৰ পথ ব্যৱহাৰকাৰীৰ বাবে ইণ্টাৰলকিং কংক্ৰীট ইটাৰ পথ নিৰ্মাণ
  • পথচাৰীৰ সুৰক্ষাৰ বাবে ৰেলিঙৰ ব্যৱস্থা
  • পথ চিহ্নিতকৰণ, প্ৰতিফলনকাৰী পথ নিৰূপক আৰু বৃক্ষ চিহ্ন
  • পুনঃ প্ৰতিফলনকাৰী পথ নিৰ্দেশক
  • গতিৰোধক আৰু গতিহ্ৰাসক ঢাপ
  • খুন্দা প্ৰতিৰোধী ধাতুৰ বীম
  • ব্যস্ততাপূৰ্ণ এলেকাত সৌৰ পথবাতি
  • সংযোগস্থলৰ উন্নীতকৰণ
  • পথ সংকেত
 

ৰাজ্যিক ঘাইপথ -২ত SCDP (আমিনগাওঁৰ পৰা কলিতাকুছী লৈকে ২৩কি.মি.)

এই SCDPৰ বাবে সংশ্লিষ্ট আৰক্ষীৰপৰা সংগ্ৰহ কৰা ত্ৰিমাসিক পথ দুৰ্ঘটনাৰ য়ে দেখু‌ৱায় যে পথ দুৰ্ঘটনাসমূহ আৰু নিহতৰ সংখ্যা ৰূপায়নৰ সময়ছো‌ৱাৰ পাছত নিম্নগামী হৈছে ।

ত্ৰিমাসদুৰ্ঘটনাআহতনিহত
জানু‌ৱাৰী-মাৰ্চ, ১৬৩১২৫৬
এপ্ৰিল- জুন,  ১৬১৫৮৭
জুলাই -ছেপ্তেম্বৰ, ১৬২৭২৩৪
অক্টোবৰ- ডিচেম্বৰ, ১৬২৪২৩৩
জানু‌ৱাৰী-মাৰ্চ, ১৭১৮১৫২

নিৰাপদ গতিপথ প্ৰদৰ্শনমূলক আঁচনি – খ

ইতিমধ্যে, গুৱাহাটী মহানগৰীৰ, জালুকবাৰীৰ পৰা, এমজি ৰোড-এটিৰোড-জিএছ ৰোড হৈ খানাপাৰা পৰ্য্যন্ত মুঠ ২৩ কিলোমিটাৰ পথত ট্ৰেফিক ব্যৱস্থাপনাসহ আদৰ্শ নিৰাপদ গতিপথ প্ৰদৰ্শনীমূলক আঁচনি (SCDP) গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত, কনচালটেণ্ট হিচাপে নিয়োগ কৰা, দক্ষিণ কোৰিয়াৰ আই এছ এ এন কৰ্পোৰেচনে, ইতিমধ্যে ট্ৰেফিক ব্যৱস্থাপনাৰ চূড়ান্ত উন্নীতকৰণ পৰিকল্পনা দাখিল কৰিছে য'ত মূখ্যতঃ যানজঁট পৰিচালনা, পাৰ্কিং পৰিচালনা, প্ৰৱেশ-প্ৰস্থান ব্যৱস্থাৰ পৰিচালনা, আন্তঃসংযোগস্থলৰ উন্নয়ন, পথচাৰীৰ নিৰাপত্তা, যানবাহনৰ দূৰ্ঘটনাৰ তথ্যসংগ্ৰহ আৰু প্ৰতিৰোধ আদি বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হৈছে। কনচালটেণ্ট সংস্থাই এই বিষয়ক বিস্তৃত প্ৰকল্প প্ৰতিবেদন জমা দিয়াৰ পাছতেই সংশ্লিষ্ট উন্নীতকৰণ ব্যৱস্থাসমূহৰ ৰূপায়ন আৰম্ভ কৰা হ'ব। অন্যহাতে, উক্ত পথছোৱাৰ বৰ্তমানৰ তাৰকা ৰেটিঙক পৰৱৰ্তী উচ্চ তাৰকা ৰেটিঙলৈ উন্নত কৰিবৰ বাবে ইতিমধ্যে কনচালটেণ্টৰ দ্বাৰা আইআৰএপি জৰীপৰ বাবে খচৰা বিনিয়োগ আঁচনিও দাখিল কৰা হৈছে।

Downloads
TitleSizeDetail
পথ সুৰক্ষা সুচনাসমূহ590.09 KBswf-image