মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

এনইএছআৰআইপি (NESRIP)

  • ভাৰত চৰকাৰে এছিয়ান উন্নয়ন বেংকৰ পৰা, উত্তৰ-পূৱৰ ৰাজ্যিক পথ বিনিয়োগ প্ৰকল্পৰ (NESRIP) ৰূপায়নৰ বাবে হ'বলগীয়া ব্যয়ৰ বাবদ এক ঋণ লাভ কৰিছে। NESRIP হ'ল ১০০% কেন্দ্ৰীয় সাহায্য প্ৰাপ্ত আঁচনি। এই প্ৰকল্পৰ ৭০% পৰ্য্যন্ত ব্যয়ৰ ধন এছিয়ান উন্নয়ন বেংকে আগবঢ়াব। এই প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পৰ মূলধনী বিনিয়োগৰ বাবে ধনৰাশি প্ৰদান কৰাৰ বিপৰীতে, ৰাজ্য চৰকাৰে মাটি অধিগ্ৰহণ, পুনঃসংস্থাপন আৰু পুনৰ্বাসন, পাৰিৱেশিক আৰু প্ৰতিৰোধমূলক ব্যৱস্থা তথা নিৰ্মাণৰ ঠিকা সম্পন্ন হোৱাৰ পাছৰ ৫ বছৰৰ বাবে পথৰ মেৰামতিৰ (নিৰ্মাণৰ ঠিকাৰ অংশবিশেষ) ব্যয় বহন কৰিব। NESRIP প্ৰকল্পৰ মুঠ আনুমানিক ব্যয় ৪২৮.৭ মিলিয়ন আমেৰিকান ডলাৰ আৰু ইয়াৰে ৩০০ মিলিয়ন আমেৰিকান ডলাৰ পৰ্য্যন্ত ধনৰাশি এছিয়ান উন্নয়ন বেংকে বিনিয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এইক্ষেত্ৰত ঋণৰ সংশ্লিষ্ট প্ৰক্ৰিয়াসমূহক ড'নাৰ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ'ব, যাক ড'নাৰ মন্ত্ৰালয়ে পাছত সংশ্লিষ্ট ৰাজ্যিক ৰূপায়নকাৰী সংস্থালৈ প্ৰেৰণ কৰিব।

    NESRIP ৰ মুখ্য উদ্দেশ্যসমূহ হ'ল :

    • উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ মাজত সংযোগব্যৱস্থা বৃদ্ধি কৰা; অঞ্চলটোৰ ছয়খন ৰাজ্যৰ (ক্ৰমে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, চিকিম আৰু ত্ৰিপুৰা) প্ৰায় ৪৩০ কিলোমিটাৰ পথৰ উন্নিতকৰণ উন্নত কৰাৰ লক্ষ্য;
    • উত্তৰ-পূৱৰ ৰাজ্যসমূহ আৰু দেশৰ বাকী অংশ তথা অন্য ৰাষ্ট্ৰ সতে যোগাযোগ ব্যৱস্থা উন্নত কৰা;
    • পৰিচালনা ব্যৱস্থাৰ উন্নীতকৰণ আৰু প্ৰতিষ্ঠানিক সৱলীকৰণৰ বাবে দক্ষতা বৃদ্ধিত সহযোগিতা প্ৰদান কৰা;
    • পথ ব্যৱস্থাপনা ব্যৱস্থা উন্নীতকৰণ;
    • পথ সুৰক্ষা ব্যৱস্থাৰ উন্নীতকৰণ; আৰু
    • পাৰিৱেশিক আৰু সামাজিক প্ৰভাৱ অধ্যয়ন আৰু ব্যৱস্থাপনা প্ৰক্ৰিয়া উন্নীতকৰণ
     

    বিনিয়োগ কাৰ্য্যসূচীৰ গাঁঠনি

    ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয় হ'ল এন ই এছ আৰ আই পি আঁচনিৰ কাৰ্য্যনিবাহক বিভাগ আৰু সেই সূত্ৰে, এই আঁচনিৰ অধীনস্থ সকলো উপ-প্ৰকল্প আৰু আনুষংগিক উপাদানৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু সমন্বয়ৰ প্ৰতি এই মন্ত্ৰালয় দায়বদ্ধ। ড'নাৰ মন্ত্ৰালয়ে ইতিমধ্যে এজন জ্যেষ্ঠ বিষয়াক গোটেই বিনিয়োগ কাৰ্য্যসূচীটোৰ প্ৰকল্প সঞ্চালক হিচাপে নিয়োজিত কৰি এক প্ৰকল্প ব্যৱস্থাপনা গোট স্থাপন কৰিছে। এই প্ৰকল্প ব্যৱস্থাপনা গোটত, প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ যেনে প্ৰশাসনিক, বিত্তীয়, কাৰিকৰী, ব্যৱস্থাপনা তথা পৰ্য্যবেক্ষণ বিশেষজ্ঞক সন্নিবিষ্ট কৰা হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্প ব্যৱস্থাপনা গোটক প্ৰকল্প ব্যৱস্থাপনা পৰামৰ্শদাতা বা কনচালটেণ্টে সহযোগিতা আগবঢ়াব। অন্যহাতে, প্ৰকল্প ৰূপায়িত হ'বলগীয়া ৰাজ্যসমূহৰ ৰাজ্যিক পথ আৰু গড়কাপ্তানি বিভাগ (ৰূপায়নকাৰী সংস্থা) নিৰ্দিষ্ট ৰাজ্যত ৰূপায়িত হ'বলগীয়া উপ-প্ৰকল্পৰ ব্যৱস্থাপনা আৰু পৰিচালনাৰ প্ৰতি দায়বদ্ধ। সেই সূত্ৰেই, প্ৰত্যেক ৰাজ্যৰে পথ আৰু গড়কাপ্তানি বিভাগে একোটা প্ৰকল্প ৰূপায়ন গোট স্থাপন কৰিছে। এই প্ৰকল্প ৰূপায়ন গোটৰ মূৰব্বী হ'ল ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ মূখ্য অভিযন্তা পদবীৰ সমপৰ্য্যায়ৰ একোজন জ্যেষ্ঠ বিষয়া আৰু তেঁৱেই সমগ্ৰ প্ৰকল্পৰ সঞ্চালক হিচাপে দায়িত্ব পালন কৰিব। এই প্ৰকল্প ৰূপায়ন গোটত, ঠিকা পৰিচালনা, ক্ৰয়, পাৰিৱেশিক ব্যৱস্থাপনা, পুনৰ্বাসন আৰু পুনঃসংস্থাপন, হিচাপ-নিকাচ আদি বিভিন্ন বিষয় চোৱা-চিতা কৰিবৰ বাবে নিৰ্দিষ্ট বিষয়া নিয়োগ কৰা হ'ব। প্ৰতিটো উপ-প্ৰকল্পৰ অধীনত সম্পন্ন হ'বলগীয়া কাম কৰিবলগীয়া চিভিল ৱৰ্কৰ ঠিকাদাৰসকলক এই প্ৰকল্প ৰূপায়ন গোটে নিয়োজিত কৰিব। তদুপৰি, প্ৰত্যেক প্ৰকল্প ৰূপায়নকাৰী গোটক একোজন নিৰ্মাণ নিৰীক্ষণ কনচালটেণ্টে নিৰ্মাণ সম্পৰ্কীয় কামৰ পৰ্য্যবেক্ষণৰ কামত সহায় আগবঢ়াব।

    অসমৰ NESRIP ৰ অধীনত হাতত লো‌ৱা প্ৰকল্পসমূহ :

    NESRIP (পেকেজ নং AS-CW1)ৰ অংশ-১ৰ অধীনত অসমত পথ উন্নীতকৰণ আৰু নবীকৰণৰ কাম কৰা হৈছে – কলিতাকুছিৰপৰা বৰপেটা (AS-37) আৰু বিলাসীপাৰা (NH-31)ৰপৰা ফকিৰাগ্ৰাম (AS-11)লৈ-

    অনুমোদিত পৰিমাণ১৬৯.৯৪ কোটি টকা
    মুঠ  পথ  দৈৰ্ঘ্য{৫৮.৫০KM(AS-৩৭C)+ ১৬.২০KM(AS-১১) =} ৭৪.৭০KM
    অসামৰিক  ঠিকাদাৰৰ নামমেচাৰ্চ  BLA-SGCCL (JV), ৪ৰ্থ    মহলা , এমেজ টা‌ৱাৰ , A.T. পথ , পল্টন বজাৰ , গু‌ৱাহাটী -১
    নিবিদা  পৰিমাণটকা  ১২০.৯২ কোটি
    আৰম্ভ হো‌ৱাৰ তাৰিখ১০-১২-২০১২
    সম্পূৰ্ণতাৰ সময়৩৬ মাহ
    ধ্যাৰ্য কৰা সম্পূৰ্ণতাৰ তাৰিখ০৯-১২-২০১৫ (মূল কাম আঁচনি মতে )
    ৩১-০৮-২০১৯ (সংযোজনৰ বাবে প্ৰস্তা‌ৱিত)
    কায়িক  প্ৰগতি৬২.৮৮% {৩১.০০KM(AS-৩৭C) + ১৬.২০KM(AS-১১) = ৪৭.২০KM}
    বিত্তীয় প্ৰগতি৬১.৮২%

    অসমত NESRIP (পেকেজ নং AS-CW২)ৰ অংশ-২ৰ অধীনত পথৰ উন্নিতকৰণ আৰু নবীকৰণৰ কাম কৰা হৈছে তামুলপুৰৰপৰা পানেৰী (AS-০২), পানেৰীৰ পৰা উদালগুৰি (AS-০৩) আৰু AS-০২ আৰু AS-০৩ৰ অৱৰস্থিত ৫খন ডাঙৰ দলঙৰ কাম ।

    অনুমোদিত পৰিমাণটকা  ৩১৯.২৯ কোটি
    মুঠ  পথ  দৈৰ্ঘ্য{৪৩.০০KM(AS-০২)+ ১৮.৬০KM(AS-০৩)} = ৬১.৬০KM
    ডাঙৰ দলঙৰ সংখ্যা৫ (পাঁচ) খন
     অসামৰিক  ঠিকাদাৰৰ নামমেচাৰ্চ  DRA-SGCCL -ANPL(JV), ৪ৰ্থ    মহলা ,এমেজ টা‌ৱাৰ, A.T. পথ , পল্টন বজাৰ , গু‌ৱাহাটী -১
    নিবিদা  পৰিমাণটকা  ২৮৯.১৬ কোটি
    কামৰ অৰ্ডাৰৰ তাৰিখ১০-০২-২০১৫
     আৰম্ভ হো‌ৱাৰ তাৰিখ১২-০৩-২০১৫
    সম্পূৰ্ণতাৰ সময়৪৮ মাহ
    ধ্যাৰ্য কৰা সম্পূৰ্ণতাৰ তাৰিখ১১-০৩-২০১৯
    কায়িক  প্ৰগতি২৫.১৪%
    বিত্তীয়  প্ৰগতি১৭.৮৩%

    NESRIP প্ৰকল্প সম্বন্ধিত কিছু তথ্য

    ঋণ ২৭৭০-IND [অংশ -I]প্ৰকল্প সম্পূৰ্ণ হো‌ৱাত বিলম্বপ্ৰকল্পটো বিলম্ব হৈছে । ইয়াৰ মূল কাৰণ হৈছ- মাটি অধিগ্ৰহণ , R&R, সামগ্ৰী স্থানান্তৰ তথা গছ কটা বিষয়ত । মাটি অধিগ্ৰহণ সম্বন্ধীয় বিষয়ত নলবাৰী আৰু বৰপেটা জিলাত বিষয়টো অতি সোনকালে নিষ্পত্তি হো‌ৱাৰ সম্ভা‌ৱনা আছে । ( প্ৰস্তা‌ৱ ইতিমধ্যে বিত্ত বিভাগে অনোদন জনাইছে আৰু প্ৰগতিৰ AA মুকলি কৰাৰ পথত আছে )। কামৰূপ জিলাৰ বাবে, মাটি অধিগ্ৰহণৰ মুঠ মূল্য হৈছে ২৪.৩ কোটি আৰু অহা স্তৰত সেইখিনি মুকলি কৰাৰ বাবে প্ৰস্তা‌ৱ দিয়া হৈছে । অহা মাৰ্চ, ২০১৯ৰ ভিতৰত অনুমোদিত পৰিমাণৰ ভিতৰতে মুঠ ৫৮ কিমিৰ ভিতৰত ৫১ কিমি সম্পূৰ্ণ কৰাৰ বাবে যো-জা চলো‌ৱা হৈছে ।
    ঋণ ৩০৭৩-IND [অংশ -II]প্ৰগতিৰ হাৰ লেহেমীয়া হো‌ৱালেহেমীয়া  প্ৰগতিৰ কাৰণ হৈছিল মূল ডাঙৰ দলংসমূহৰ দিজাইন সম্পূৰ্ণ নোহো‌ৱাৰ বাবে । কিন্তু সকলো এনে ডিজাইন বৰ্তমানে সম্পূৰ্ণ হৈছে । সামগ্ৰী স্থানান্তৰ আৰু গছ কটাৰ বাবেও কাম অলপ লেহেমীয়া হৈছে । বিভাগলৈ দিবলগীয়া ধনৰ কাম-কাজ বৰ্তমানে আৰম্ভ হৈছে । প্ৰকল্পৰ কাম-কাজ বৰ্তমানে পূ্ৰ্ণ উদ্যমত চলি আছে ।