মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

উত্তৰ-পূৱ পৰিষদৰ কাৰ্য্যাৱলী

  • ভূমিকা:

    উত্তৰ-পূৱ পৰিষদ হ'ল অসম তথা উত্তৰ-পূৱৰ অৰ্থনৈতিক তথা সামাজিক উন্নয়নৰ বাবে গঠিত মুখ্য অভিকৰণ। সংসদীয় এক আইন অনুসৰি ১৯৭১ চনত এই পৰিষদ গঠন কৰা হয়। এই পৰিষদৰ লক্ষ্য হ'ল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্ন্যনৰ গতি দ্ৰুত কৰি তোলা, যাতে দেশৰ অন্যান্য অংশৰ সতে ইয়াৰ বিকাশৰ হাৰৰ সামঞ্জস্য স্থাপন হয়।

    প্ৰতিষ্ঠাৰ সময়ৰে পৰা উত্তৰ-পূৱ পৰিষদে অঞ্চলটোৰ বাবে এক আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে দায়িত্ব পালন কৰি আহিছে আৰু দুখন বা ততোধিক ৰাজ্যৰ উপকাৰ কৰা নানা আঞ্চলিক আঁচনি প্ৰস্তুতি কৰাৰ কাম সম্পন্ন কৰিছে। লগতে, অসমৰ ৰাইজৰ আকাংক্ষা অনুসৰি, বিগত বছৰবোৰত এই পৰিষদে বিভিন্ন ক্ষেত্ৰৰ, যেনে পৃষ্ঠ, স্বাস্থ্য, শক্তি, উদ্যান-শস্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, শিক্ষা, উদ্যোগ, পৰ্য্যটন আদিত বিভিন্ন উন্নয়নমূলক প্ৰকল্পলৈ অৰ্থৰ যোগান ধৰি আহিছে।

    উদ্দেশ্য:

    এই পৰিষদৰ মুখ্য উদ্দেশ্য হ'ল – দেশৰ উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থাৰ আঁসোৱাহ, বিশেষকৈ আন্তঃৰাজ্যিক সীমাস্থিত অনুন্নত অঞ্চল সমূহৰ যোগাযোগ ব্যৱস্থাৰ সমস্যাৰ সমাধানকে ধৰি, সামগ্ৰিকভাৱে সমতাপূৰ্ণ আৰু সমন্বিত অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা। অসমত, স্থলপথৰ যোগাযোগৰ সতে সম্পৰ্কিত সকলো সম্পদৰ পৰিকল্পনা, আৰ্হিপ্ৰস্তুতি, নিৰ্মাণ আৰু চোৱাচিতা বিষয়ক সকলো বিষয়ৰ প্ৰতি দায়বদ্ধ, পথ আৰু গড়কাপ্তানি বিভাগে পথৰ স্থায়িত্ব, গুণগত মান, কাৰ্য্যদক্ষতা, নিৰ্ধাৰিত উদ্দেশ্য সঠিকভাৱে সম্পন্ন কৰা, উপযুক্ত সময়ৰ ভিতৰত তথা উপলব্ধ অৰ্থৰ ভিতৰতে কাম সম্পন্ন কৰা আদি বিভিন্ন দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

    আঁচনিৰ মুখ্য বৈশিষ্ট্যসমূহ:

    • উত্তৰ-পূৰ্বাঞ্চল সদায় উন্নয়নমূলক কামৰ ক্ষেত্ৰত কেন্দ্ৰীয় নিধিৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। সততে উত্তৰ-পূৱ পৰিষদৰ আঁচনিসমূহৰ ক্ষেত্ৰত ৯০% সাহায্য কেন্দ্ৰীয় চৰকাৰ আৰু ১০% ৰাজ্য চৰকাৰে যোগান ধৰে।
    • পৰিষদখন এখন পৰামৰ্শদাতা সমিতি আৰু ই উমৈহতীয়া স্বাৰ্থজড়িত , উন্নয়নমূলক বিষয়বোৰ সম্পৰ্কে অঞ্চলটোৰ ৰাজ্যসমূহৰ লগত আলোচনা কৰাৰ লগতে, অগ্ৰাধিকাৰ দিয়া আঁচনিসমূহৰ ক্ষেত্ৰত ল'বলগীয়া অনুমতিৰ সতে সম্পৰ্কীয় কাৰ্য্যসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিব পাৰে।
    • বৰ্তমানে, অসমৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ হ'ল ৰাজ্যৰ বাবে মুখ্য বিভাগ। উত্তৰ-পূৱ পৰিষদে সাধাৰণতে আঞ্চলিক বৈশিষ্ট্যসম্পন্ন আন্তঃগাঁঠনি বিকাশ প্ৰকল্পসমূহলৈ সাহায্যৰ যোগান ধৰি আহিছে। আৰু এই দিশত উত্তৰ-পূৱ পৰিষদ আৰু পৰিৱৰ্তন আৰু উন্নয়ন বিভাগে সমন্বয়ক বিভাগ হিচাপে কাম কৰি আহিছে।
    • উত্তৰ-পূৱ পৰিষদৰ অৰ্থসাহায্য প্ৰাপ্ত পথ আৰু দলং নিৰ্মাণ আঁচনিসমূহ পথ আৰু গড়কাপ্তানি বিভাগৰ দ্বাৰা ৰূপায়িত কৰা হৈছে।
    • এই পথ আৰু দলং প্ৰকল্পসমূহ সম্পন্ন কৰাৰ পাছত, এইবিলাক অসম চৰকাৰৰ অসম ৰাজ্যিক পথ পৰিষদৰ দ্বাৰা চোৱাচিতা কৰা হয়।
     

    সাফল্য: (৫ম পৰিকল্পনাৰ আঁচনিৰ পৰা)

    অনুমোদিত পথ:২১৬৬.৮১ কি:মি:
    সম্পূৰ্ণ কৰা পথ:২১২০.৩ কিঃমিঃ
    অনুমোদিত দলং৩৫০ খন
    সম্পূৰ্ণ দলং৩৪১ খন
    অনুমোদিত ৰাশি১৩৯৯.০০ কোটি টকা
    ব্যৱহৃত ৰাশি১৩০৩.৫৩ কোটি টকা

    বিগত ৩(তিনি) বছৰৰ বাজেটত অনুমোদিত ৰাশি:

    ২০১৫-১৬২০১৬-১৭২০১৭-২০১৮
    ১১০.৭১ কোটি৮৫.৫০ কোটি৩৮.১১ কোটি

    উত্তৰ-পূৱ পৰিষদৰ ১০ম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত ফুলেৰতলত বৰাক নদীৰ ওপৰত দলং (দৈৰ্ঘ্য = ২৬১.০০ মি:)

    সম্পূৰ্ণ হয় – ১০/৮/২০১৩ চনত

    উত্তৰ-পূৱ পৰিষদৰ ১১শ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত মৈৰাং-ৰাণীগুদাম-আজাৰা পথ (দৈৰ্ঘ্য = ১৮.৯২ মি:)

    সম্পূৰ্ণ হয় – ২৯/১০/২০১৩ চনত

    উত্তৰ-পূৱ পৰিষদৰ ১১শ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত মৈৰাং-ৰাণীগুদাম-আজাৰা পথ (দৈৰ্ঘ্য = ১৮.৯২ মি:)

    শিলচৰ কালাইন পথত বৰাক নদীৰ ওপৰত ৰাণীফেৰীত থকা দলংখন (আলতাফ সেঁতু) (দলঙৰ দৈৰ্ঘ্য: ৪০৪.২৯ মি: )  ৩১/১২/২০০৩ ত সম্পূৰ্ণ হয়

    মানকাচৰ মহেন্দ্ৰগঞ্জ পথ (পথৰ দৈৰ্ঘ্য: ৮.২০ কি:মি:) সম্পূৰ্ণ হয় ১০/২/২০১৪ ত

    মানকাচৰ মহেন্দ্ৰগঞ্জ পথ (পথৰ দৈৰ্ঘ্য: ৮.২০ কি:মি:) সম্পূৰ্ণ হয় ১০/২/২০১৪ ত

                                         

    ভৱানীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুপেটা-সাউদৰভিঠা-আনন্দবাজাৰ পথ হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পথছোৱাৰ উন্নীতকৰণ/নিৰ্মাণকাৰ্য্য ( দৈৰ্ঘ্য: ৩১.৬২ কি:মি:) কাম চলি আছে

    ভৱানীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুপেটা-সাউদৰভিঠা-আনন্দবাজাৰ পথ হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পথছোৱা